ধাৰাবাহিক উপন্যাস-আৰ্তনাদ খণ্ড নং-৩ | বিটুমণি কোঁচ

এটুকুৰা জীৱন্ত ঘা বুকুৰ  মাজত লৈ জীয়াই থকা মানুহজনীয়ে সময়ত  ভাত কেইটা ৰান্ধি বোৱাৰী পাহিয়ে ভাত খাবলৈ অহালৈ বাট চাই ৰ'ল।

মোৰ ভাত খাবলৈ মন নাই।বোৱাৰীয়েক পাহিয়ে কোৱা কথাষাৰৰ গুৰিটো ক'ত শাহুয়েকে বুজি পালে।

লক্ষ্মীক অবজ্ঞা কৰিব নাপায়।ভাত মুঠি খাই লোৱা।মই ডাঙৰ বাপুৰ লগত কথা পাতিম।তুমি তাৰ লগত গুছি যাবা।যেতিয়ালৈকে মাতৃ নোহোৱা কেনেকৈ বুজিব পাৰিবা সন্তানৰ প্ৰতি মাতৃৰ মমতা।সেই সন্তান পাগল নাইবা পঙ্গুৱেই হওঁক।বোৱাৰী নাৰীৰ গৰ্ভত সন্তান স্থিতি লোৱাৰ পৰাই মাতৃৰ মমতাই সন্তানক আৱৰি ৰাখে।সেই সন্তানক লৈয়ে জীয়াই থাকিব লগা হয়।তুমিও এদিন বুজি পাবা।

কথাকেইষাৰ কৈ এটা দুখৰ হুমুনিয়াহ ওলাই আহিল জীৱনৰ মাকৰ।সন্মুখত বোৱাৰীলৈ বাহি থোৱা ভাতৰ থালখনে যেন ইতিকিং কৰি হাঁহি উঠিল।সিহঁতৰ হাঁহিত অসহ্য হৈ মানুহজনীয়ে ভাতৰ থালখন ঢাকোন মাৰি দিলে।

পুৱাই নবৌ নবৌ বুলি চিঞৰি ওচৰৰে চহৰৰ পৰা ঘূৰি অহা প্ৰণৱ ঘৰৰ ভিতৰলৈ সোমাই আহিল।
বোৱাৰী পাহিৰ মুখত হাঁহি বিৰিঙি উঠিল।

এক মুহুৰ্তৰ বাবে জীৱনৰ মাক থমকি ৰ'ল।তাৰ পিছত ভিতৰত সোমাই তামোলৰ বটাটো আগতে লৈ প্ৰণৱৰ কাষতে বহি লৈ তামোল কাটিব ল'লে।

মই তামোল নাখাওঁ বৰমা।চাহ তামোল নিচাযুক্ত যিকোনো বস্তু মই মুখত আজিলৈ দিয়া নাই।

হয় নেকি ? মই ভাবিলো পুৱাই পুৱাই তই এইকেইদিন আমাৰ ঘৰলৈ আহি আছ।চাহ তামোলৰ আশাত।

পাহিৰ বিকৃত হৈ পৰা মুখখন চাবলৈ চেষ্টা নকৰিলে জীৱনৰ মাকে। প্ৰণৱ উঠিল বহাৰ পৰা।

এইখন পাগলৰ ঘৰ।পাগলেহে আদৰ পায়।ভাল মানুহৰ এইখন ঘৰত আদৰ নাই। মই আৰু নোৱাৰো।

উচাৎ মাৰি যোৱা বোৱাৰীলৈ চাই শাহুৱেকে ক'লে, তোমাক ৰাংকুকুৰ কৱলত মই পৰিবলৈ দিব নোৱাৰোঁ বোৱাৰী।হৰিণাৰ মাংসই বৈৰী।
শাহুৱেকৰ কথাকেইষাৰ বোৱাৰীৰ কাণত নোসোমাল।কথাকেইষাৰ প্ৰতিধ্বনি শুনি ওলমি ৰোৱা বেৰ কেইখনে দাঁত নিকটাই হাঁহি উঠিল।

নৱদম্পতি স্বামী স্ত্ৰী এৰা এৰিকৈ থকাৰ যন্ত্ৰণাখিনি বুজিব পৰাকৈ এখন সুকুমল হৃদয় আছে জীৱনৰ মাকৰ।হ'লেও জীৱনটোৱেই যে পৰিস্থিতিৰ দাস।কেনেকৈ সীমান্তত পহৰা দি থকা পুতেকৰ লগত ন কইনা বোৱাৰীজনী পঠিয়াই দিয়ে।ডাঙৰ পুতেক জীতেনৰ কথাষাৰলৈ মনত পৰিল।সংসাৰৰ নিয়ম আৰু তোমাৰ লগ এটাৰ কথা ভাবি মই পাহিক বিয়া কৰাইছো।তুমি তাইক জী দৰে মৰম কৰিবা।মোৰ কোনো ভৰসা নাই।চুটি পালে মই দেখোন আহিমেই।

আগলৈ,,,,,,,,।

✍️বিটুমণি কোঁচ

Post a Comment

Previous Post Next Post