"বিহু" হৈছে অসমৰ জাতীয় উৎসৱ। বসন্ত কালৰ আগমনে প্ৰকৃতিৰ বুকুলৈ নতুনত্বক কঢ়িয়ায়, ন-কুঁহি পাতে গছ-বিৰিখৰ ডাল পাত বোৰ সেউজীয়া কৰে। ব’হাগ বিহু উদ্যাপনত আমি সকলোৱে উঠি-পৰি আনন্দত বিভোৰ হৈ পৰো। অৰ্থাৎ বিহু হৈছে ঋতুকালীন কৃষিভিত্তিক উৎসৱ। বছৰৰ ভিন-ভিন সময়ত ভিন-ভিন ঋতুত অসমত তিনিটা বিহু পালন কৰে। ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। উল্লেখ্য যে, কৃষিৰ আৰম্ভণিতে অৰ্থাৎ চ’ত-ব’হাগ মাহত ৰঙালী বিহু, ৰোৱা ধানে ঠন ধৰি উঠাৰ সময়ত অৰ্থাৎ আহিন-কাতি মাহৰ সংক্রান্তিত কাতি বিহু আৰু খেতি চপাই সোণগুটিৰে ভঁৰাল উপচি পৰা সময়ত অৰ্থাৎ পুহ-মাঘৰ সংক্রান্তিত মাঘ বিহু হিচাপে পালন কৰা হয়।
তাহানিৰ পৰাই অসমত কৃষিৰ ভিত্তিত এনেধৰণৰ উৎসৱ সমূহ চলি আহিছে। যাক বঢ়াই নক'লেও হ'ব, বিহু বুলিলেই অসমীয়াৰ আদৰৰ অতিকৈ আপোন। প্ৰধানতঃ বিহু উৎসৱ কৃষি ভিত্তিত উৎসৱ হিচাপে তাহানিৰ পৰাই পৰিগণিত। ই মানৱ জাতিৰ যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বৰ্তমানেও বিশ্বাস কৰে। আজো ককা, ককাদেউতাৰ দিনৰ পৰা প্ৰচলিত এই বিহু আমাৰ অতিকৈ চেনেহৰ। উল্লেখযোগ্য যে খেতি আৰম্ভ কৰাৰ আগমুহূর্তত পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত বাৰুকৈয়ে ওতঃপ্ৰোত সম্বন্ধ আছে। যাক কেতিয়াও নুই কৰিব নোৱাৰি। ব’হাগ বিহু বা ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্রধান। বসন্ত ঋতুত উদযাপিত এই বিহুত প্রকৃতিয়ে বৰণ সলায়। বসন্তৰ আগমনত প্রথমজাক বৰষুণ পৰাৰ লগে লগেই বসুমতী ঋতুমতী হয়, গছ-লতিকাত কুঁহিপাত ওলায়, প্রকৃতি ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে। প্রকৃতিৰ বিনন্দীয়া ৰূপত ডেকা-গাভৰুৰ মনত প্রেম-প্রীতিৰ ভাৱ জাগি উঠে; মন বোৰ শিমলু তুলাৰ দৰে দূৰ-দিগন্তলৈ উৰা মাৰে। জনবিশ্বাস মতে, ডেকা-গাভৰুৱে মুকলি পথাৰত গৈ প্রেম-যৌৱনৰ গীতেৰে পুৰুষ স্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰী স্বৰূপা প্রকৃতিক উত্তেজিত কৰি বৰষুণৰ দ্বাৰা মিলন ঘটাই বসুমতী শস্য চিৰ সম্ভৱা হোৱাৰ যি প্রক্রিয়া হয়, তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে। ব’হাগ বিহুৰ লগত ৰং-তামাচা, নৃত্য-গীতৰ লগতে অপূর্ব ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে। “গৰু বিহু” দিনাখন গৰুক গো-লক্ষ্মী হিচাপে জ্ঞান কৰি পূজা-অৰ্চনা কৰা হয়। সেইদিনা ৰাতিপু্ৱাই গৰু-ম’হক পটাত পিহি লোৱা মাহ-হালধিৰে খুৱাই, শিঙত তেল সানি, কপালত ফোঁট দি দীঘলতি আৰু মাখিয়তীৰ পাতেৰে কোবাই নৈ, বিল বা পুখুৰীলৈ নি একেলগে হৰিধ্বনি দি সমূহীয়াভাৱে গা ধুৱাই আৰু লগতে লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিঁয়হ, হালধি আদি গা'লৈ দলিয়াই এইদৰে গৰখীয়াই গাই -----------
“লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা
মাৰে সৰু, বাপেৰে সৰু, তই হ’বি বৰ বৰ গৰু।”
জনবিশ্বাস মতে, হিন্দু ধৰ্মাৱলম্বী লোকসকলে গৰুক পূজা কৰে সেই হেতুকে, কিবা দোষ থাকিলে দোষ মুক্ত হয় বুলি কৃষকসমাজে বিশ্বাস কৰে। অন্যহাতে গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনী আদি জ্বলাই ‘যাগ’ দিয়া হয়। যাগৰ ধোঁৱাই গৰু-ম’হক মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উপৰিও অপদেৱতাক খেদি পঠাই বুলি বিশ্বাস কৰে।
প্ৰবাদত আছে, "যাৰ নাই গৰু, সি সবাতোকৈ সৰু।" বিভিন্ন নীতি নিয়মৰ মাজেৰে ঠাই ভেদে সাপ আদিৰ পৰা ঘৰচীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ "গৰু বিহু" দিনাখন গোহালিৰ চাৰিওকাষে নহৰু বটা পানী ছটিওৱা হয়। নতুন পঘা দিয়া হয়।সাধাৰণতে এই পঘা মৰাপাটৰ সলনি তৰা পাতেৰে তৈয়াৰ কৰা হয়। তাৰপিছত মাখিয়তীৰ পাতেৰে গৰু-ম’হক বিচি দি এইদৰে গৰখীয়াই গাই ------
"মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত।”
জনশ্ৰুতি অনুসৰি এনে কৰিলে, বছৰটোলৈ মহ-ডাঁহৰ পৰা হাত সাৰি থাকিব পাৰি। আমাৰ অসমীয়া সমাজত সেইদিনাৰ পৰাহে নতুন বছৰত বিচনী লোৱাৰ আৰম্ভণি হয়। আগতে ল’লে মূৰঘূৰণি হয় বুলি বিশ্বাস কৰা হয়। গৰু বিহুৰ পাছদিনা অৰ্থাৎ ব’হাগৰ পহিলা তাৰিখে মানুহ বিহু। নামনি অসমত মানুহ বিহুৰ দিনাক “বৰ দোমাহী” বুলি কয়। মানুহ বিহুৰ দিনা সকলোৱে গা-পা ধুই পৰিয়ালৰ সকলো একেলগ হয় আৰু সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। বোৱাৰীয়ে শহুৰ-শাহুক বটাত গামোচা, চেলেং চাদৰ আৰু তামোল-পাণ দি মান ধৰি সেৱা কৰে আৰু বিহুৰ জা-জলপান, পিঠা-পনা আগবঢ়ায়। বিহুত আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ মাজত আদান-প্ৰদান কৰা প্ৰতিটো উপহাৰকে “বিহুৱান” বোলা হয় যদিও বিহুৱান বুলিলে ঘাইকৈ গামোচাখনকে বুজায়। আমাৰ সমাজত গামোচাখন বৰ আদৰ।ইয়াৰ এক সুকীয়া মান-মৰ্য্যাদা আছে। মানুহৰ মুখে মুখে -----
“অতিকৈ চেনেহৰ ব’হাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ।"
অসমীয়া জীয়ৰী-বোৱাৰীৰ “মৰমৰ দীঘেদি চেনেহৰ বাণীৰে” বোৱা চেনেহৰ বিহুৱানখনি বৈ কাটি উলিয়াবলৈ গাত তৎ নাইকিয়া হয়। কিয়নো হেঁপাহৰ চেনাইলৈ বুলি বিহুৱান খনি দিয়া মাদকতাই যেন সুকীয়া।
“চ’ততে চকৰি ব’হাগত বগৰী
জেঠতে আমনা ধান,
গৰু বিহুৰ দিনা আশীৰ্বাদ ল’লেহে
বৈকুণ্ঠত পাবাগৈ স্থান।”
বিহু আমাৰ আপোন আদৰৰ হেঁপাহ তথা আনন্দৰ লোক উৎসৱ। এই ঐতিহ্যৰে বৰ অসমৰ ভাতৃত্ববোধ, একাত্ম সম্প্ৰীতিৰ বান্ধোনে পৰিপূৰ্ণ। সময়ৰ গতিত, শিক্ষাৰ অগ্ৰগতিৰ লগে-লগে সমাজৰ অনেক পৰম্পৰাগত বৈশিষ্ট্য বাদ পৰি গৈছে যদিও বাপতি সাহোন ৰঙালী বিহুটি অসমীয়া সমাজত কৃষিভিত্তিক হোৱা হেতুকে কৃষি উৎসৱটোৱে কালক্ৰমত বিহু উৎসৱ হিচাবে পৰিচিত আৰু স্বীকৃত হৈ সমাজ আৰু সংস্কৃতিৰ লগতে অনেক পৰিৱৰ্ত্তনৰ মাজেৰে বিহু উৎসৱটো বৰ্তমান জাতীয় উৎসৱ হিচাবে সমগ্ৰ অসমতে প্ৰতিষ্ঠিত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ