গামখাৰু হৈছে হাতত পিন্ধা এবিধ অলংকাৰ । অতীজতে এইবিধ খাৰু মিচিংসকলৰ মুখিয়াল বা গামে পিন্ধিছিল বাবে ইয়াৰ নাম গামখাৰু হয় । গামখাৰু সোণ আৰু ৰুপ উভয়েৰে তৈয়াৰ কৰা হয় যদিও ৰুপৰ গামখাৰুৰ প্ৰচলনহে অধিক । গামখাৰু তিনিসিৰীয়া । মাজতে শলা এডাল থাকে আৰু খুলিবৰ সময়ত সেই শলাডাল খুলি ল'ব লাগে । পূর্বতে গামখাৰু কেৱল পুৰুষে পৰিধান কৰিছিল, পিছত স্ত্ৰী-পুৰুষ উভয়ে পিন্ধিছিল যদিও শেষত গামখাৰু কেৱল নাৰীৰ গহনা হিচাপেহে ৰ'ল । আজিকালি অৱশ্যে ঘাইকৈ বিয়া-বাৰু আৰু বিহুনাচ নাচিবৰ সময়ত নাচনীৰ হাততহে গামখাৰু দেখা যায় ।
[উত্সঃ শান্তনু কৌশিক বৰুৱাৰ 'অসম অভিধান']
Tags:
সাধাৰণ জ্ঞান