ছাত্র-ছাত্ৰীৰ সামাজিক দায়বদ্ধতা

©Admin
0
সামাজিক দায়বদ্ধতাই সমাজৰ প্ৰতি থকা দায়িত্বৰ কথা বুজায়। মানুহ সমাজ প্ৰিয় প্ৰাণী। সুস্থ সমাজৰ বাবে যি কৰণীয় সেয়ে হৈছে ছাত্র-ছাত্ৰী ৰ সামাজিক দায়বদ্ধতা। সমাজক বাদ দি কোনো মানুহে সুস্থ জীৱন যাপন কৰিব নোৱাৰে। সকলো ছাত্র-ছাত্ৰীৰে সমাজৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে। অধ্যয়নেই ছাত্র-ছাত্ৰীৰ প্ৰধান কৰ্তব্য যদিও ছাত্র-ছাত্ৰী সকলে সমাজতেই ডাঙৰ দীঘল হৈছে। অৰ্থাৎ সমাজৰ পৰাও শিক্ষা-দীক্ষা পায়। সকলো অভিভাৱকৰ লগতে ছাত্র-ছাত্ৰী সকলে এখন উন্নত সমাজত বাস কৰিবলৈ প্ৰয়াস কৰে। এখন ভাল সমাজৰ পৰাহে ছাত্র-ছাত্ৰীয়ে উন্নত শিক্ষা গ্রহণ কৰিব পাৰে। বৰ্তমান যুগত শিক্ষিতৰ সংখ্যা বেছি যদিও আমাৰ সমাজত এতিয়াও বহুতো অশিক্ষিত লোক দেখিবলৈ পোৱা যায়। ব্যক্তি, অনুষ্ঠান, ৰাজ্য, দেশ যিয়ে নহওক সামাজিক শৃঙ্খলা ৰক্ষাৰ কাৰণে সামাজিক দায়বদ্ধতা থকা অতি প্ৰয়োজন। ইয়াত ছাত্র-ছাত্ৰী সকলে চকু দিব লাগে। ছাত্র-ছাত্ৰী সকলে কিতাপ পত্ৰ, বাতৰিকাকত আদি অধ্যয়ন কৰাৰ লগতে সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সমাজৰ বাবে কাম কৰিব লাগে। আমাৰ সমাজত আজিকালি প্ৰায়েই দেখা যায় যে মানুহ কিছুমান শিক্ষিত হৈয়ো নিজৰ জন্মভূমিৰ কথা পাহৰি যায় ফলত মানুহ বোৰ শিক্ষিত হৈয়ো পিছপৰি থাকে। স্কুল কলেজত থকা বিভিন্ন সমাজ সেৱা বিভাগ তথা এ.চি.চি, এন. চি. চি, স্কাউট-গাইড আদিত ছাত্র-ছাত্ৰী সকলে অংশগ্রহণ কৰিব লাগে। অসম তথা অধিকাংশ অঞ্চলত আজিলৈকে উপযুক্ত ৰাস্তা-ঘাট, দলং আদি হোৱা নাই। ছাত্র-ছাত্ৰী সকলে এই কামবোৰত অৰিহণা যোগাব লাগে। সামাজিক শিক্ষাইও ছাত্র-ছাত্ৰীৰ জীৱনত গুৰুত্বপূর্ণ স্থান দখল কৰি আহিছে। 


✍🏻ভাস্বতী কলিতা
একাদশ শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)