ৰঙৰ উৎসৱ হোলী

©Admin
0
সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম লোক উৎসৱ সমূহৰ ভিতৰত ফল্গুৎসৱ এক আনুষংগিক উৎসৱ। ই হৈছে সম্প্ৰীতি আৰু ভাতৃত্বৰ উৎসৱ। উল্লেখ্য যে, হিন্দুসকলৰ আৰাধ্য দেৱতা ভগৱান শ্ৰীকৃষ্ণক উদ্দেশ্য কৰি ফাগুন মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰা এক ৰং-আনন্দৰ উৎসৱ ফাকুৱা। ঠাইভেদে ইয়াক বিভিন্ন নামেৰে নামকৰণ কৰা দেখা যায় যেনে- হোলী, দৌলোৎসৱ, ফাকু, মদনোৎসৱ ইত্যাদি। দৰাচলতে, অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত হৈ থাকে। দৌল বা হোলী উৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ। এই উৎসৱক হোলী, ফল্গু উৎসৱ, বসন্তোৎসৱ, মদনোৎসৱ, হোলিকা দাহন আৰু দেউল উৎসৱ আদি নামেৰে বিভিন্ন ৰাজ্যত পালন কৰা হয়। বিশেষকৈ অসমৰ লগতে উৰিষ্যা , বিহাৰ, পশ্চিমবংগ আদি ৰাজ্যটো বিভিন্ন নামেৰে ৰং আনন্দৰ লোক উৎসৱটি পালন কৰি অহা পৰিলক্ষিত হয়। এই ফাকুৱা উৎসৱ হৈছে ধৰ্মীয় পৰম্পৰা লোকবিশ্বাস সাধন আৰু ৰং-আনন্দৰ মিলনৰ উৎসৱ। উচ্চ -নীচ, ধনী-দুখীয়াৰ প্ৰাচীৰ ভাঙি আমি সকলোৱে মিলি-জুলি ফাকু খেলোঁ। এই ফাকুৱা উৎসৱৰ ফাকুৰ ৰঙে আমাৰ জন-জীৱনত মানুহৰ মনবোৰ অতি উলহ কৰি পেলাই য'ত সম্প্ৰীতিৰ বান্ধোন প্ৰকট হৈ উঠি ভাতৃত্ববোধ এনাজৰীৰে হয় সুদৃঢ় ।

✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)