প্ৰসৱ সুখ -চুমিন্দ্ৰ চৌধুৰী

নিৰু তৃতীয় বাৰৰ বাবে গৰ্ভৱতী হৈছে ৷ আগৰ দুয়োটা সন্তান ছোৱালী ৷ তাক লৈ গিৰিয়েকৰ কোনো আপত্তি নাই কিন্ত শাহুৱেকহে সুখী নহয় ৷ সুবিধা পালেই শাহুৱেকে নিৰুক তাকে লৈ কথাও শুনাই থাকে ৷ কেতিয়াবা গিৰিয়েক যতীনকো শাহুৱেকে নাতি এটাৰ কাৰণে তাগিদা দিয়া তাই বহুতবাৰ শুনিছে ৷ গতিকে প্ৰসৱৰ দিন যিমানেই চাপি আহিছে সিমানে নিৰুৰ চিন্তা বাঢ়ি আহিছে ৷
এদিন ৰাতিপুৱা নিৰুৱে প্ৰসৱ বেদনাত চটফটাবলৈ ধৰিলে ৷ যতীনে লৰালৰিকৈ গাড়ীখনেৰে নিৰুক লৈ গৈ চহৰৰ হাস্পতাল এখনত ভৰ্তি কৰিলে ৷ ডাক্তৰে কোৱা মতে নিৰুৰ অৱস্থা অতি সংকটজনক ৷ অতিশীঘ্ৰে অস্ত্ৰোপ্ৰচাৰ কৰি প্ৰসৱ নকৰালে পৰিস্থিতিৰ অৱনতি ঘটিব পাৰে ৷ নিৰুক কষ্টজনক অৱস্থাত দেখি যতীন বিহ্বল হৈ পৰিছিল ৷ নিৰু আৰু জন্ম হ'ব লগা শিশুটোৰ যাতে কোনো অঘটন নঘটে সি তাৰ বাবে ডাক্তৰক কাতৰ অনুৰোধ কৰিছিল ৷ ডাক্তৰে তাক যিমান পাৰে অভয় দিছিল ৷
অবশেষত তিনি ঘন্টা যোৰা জটিল অস্ত্ৰোপ্ৰচাৰৰ অন্তত নিৰুৰ তৃতীয়টো কন্যা সন্তানৰ জন্ম হ'ল ৷ অস্ত্ৰোপ্ৰচাৰৰ সময়ত অধিক ৰক্তক্ষৰণ হোৱাৰ কাৰণে নিৰুক আই চি ইউ তেই ৰখা হ'ল ৷
পিছদিনাখন নিৰুৰ চেতনা ঘূৰি অহাৰ লগে লগে যতীনে তাইৰ মূৰৰ চুলিখিন হাতেৰ পিহি মিচিকিয়াই ক'লে - "টিকটিকিয়া ৰঙা ওঠৰ এজনী ধুনীয়া ছোৱালী হৈছে" ৷ নিৰুৱে যতীনৰ হাতখন ধৰি সেহাই সেহাই ক'লে - "তোমাক এইবাৰো মই এটা ল'ৰা সন্তান দিব নোৱাৰিলোঁ" ৷
"তোমাক কেতিয়া বাৰু মই ল'ৰা সন্তান দিব লাগিবই বুলি কৈছোঁ ? সেইয়া তোমাৰ মোৰ হাতত নাই , ভগৱানে আমাক যি দিছে তাতেই সুখী হোৱা উচিত ৷ মোৰ ঘৰত দূৰ্গা , লক্ষ্মী আৰু সৰস্বতী তিনিও দেবীয়ে জন্ম লৈছে আৰু তুমি ল'ৰা সন্তানৰ কাৰণ বিলাপ কৰি আছা ৷"
যতীনৰ কথাত নিৰুৰ দুচকুৱেদি দুটোপাল তৃপ্তিৰ লোতক বাগৰি গ'ল ৷ তাইহে জানিচে তাৰ কথাত তাইৰ বুকখনত হেঁচা মাৰি থকা সংকোচৰ বোজাই কিমান পাতল হৈ পৰিছিল ৷
         খন্তেকৰ পাছত যতীনে নিৰুৰ কপালত এটা চুমা খাই ডাক্তৰক দেখা কৰিবলৈ ওলাই গ'ল ৷ যতীন যোৱাৰ পাছতে নিৰু থকা কেবিনটোলৈ তাইৰ ডাঙৰ ছোৱালী জিনাক লগত লৈ শাহুৱেক সোমাই আহিল ৷ সোমাই আহিয়েই মুখত বিৰক্তিৰ ভাব আৰু কৰ্কশ মাতেৰে শাহুৱেকে তাইৰ ফালে চাই সুধিলে - "এইবাৰো তুমি ল'ৰা এটা জন্ম দিব নোৱাৰিলা ৷ ভাবিলে বেয়াই লাগে যে তোমালোকক মুখাগ্নি কোনে কৰিব ?তোমালোকৰ প্ৰকৃততে ভাগ্যই বেয়া , কোনোবা নিঃসন্তানক দানকেই দি দিয়া ৷ পূণ্য হ'ব ৷"
শাহুৱেকৰ মুখৰ কথাখিনি শুনি নিৰুৰ মুখখন কেহেৰাজি বতাৰ দৰে বিবৰ্ণ পৰি গ'ল ৷ জন্ম দি উঠি যিজনী সন্তানৰ মুখেই দেখা নাই সেই নবজাতকো শাহুৱেকে এৰি দিয়া নাই ৷ দুখ আৰু অপমানত তাইৰ বুকুখন গধুৰ হৈ পৰিছিল ৷ বুজা-নুবুজাৰ ভাৱত মনটো মাৰি জিনাইয়ো মাকৰ মুখলৈ কিছু সময় চাই থাকি অবশেষত আইতাকৰ লগত ঘৰলৈ গুচি গৈছিল ৷ নিৰুৱে শাহুৱেকে কৰা অপমানৰ কথা যতীনক কেতিয়াও জানিবলৈ নিদিলে কিন্তু মনতে প্ৰতিজ্ঞা কৰিলে যে তাই তিনিজনী ছোৱালীকে এদিন ত্রিশক্তি ৰূপত সমাজত পৰিচিত কৰিব ৷
       এটা যুগ ধৰি নিৰুই যেন আজিৰ দিনটোৰ কাৰণেই অপেক্ষা কৰি আছিল ৷ 
       ইনাৰ জন্মৰ দিনা শাহুৱেকে কৰা অপমানক যোৱা ২২ বছৰে মনৰ পৰা পাহৰিব পৰা নাছিল ৷ সেই অপমানত নিৰুৱে মনতে যি প্ৰতিজ্ঞা কৰিছিল সেই প্ৰতিজ্ঞা আজি পূৰণ হ'ল ৷ নিৰুৱে যতীনৰ আকাল মৃত্যুৰ পাছত অশেষ কষ্ট কৰি জিনাক ডাক্তৰ হিচাপে গঢ়িলে , ৰিনাক ওকালতি পঢ়ালে আৰু আজি ষষ্ঠী পূজাৰ দিনা ইনাই প্ৰশাসনিক বিষয়া হৈ কামত যোগ দিয়াৰ এমাহ পাৰ হৈ গ'ল ৷ প্ৰথম দৰমহাৰ টকাৰে তাই মাক আৰু আইতাকৰ কাৰণে পূজা বুলি দুডাল সোণৰ চেইন উপহাৰ দিছে ৷ ইনাৰ উপহাৰ পাই আনন্দত আত্মাহাৰা হৈ শাহুৱেকৰ দুচকুৱেদি চকুলো বৈ গৈছিল ৷ আনপিনে প্ৰতিজ্ঞা পূৰণৰ আনন্দত নিৰুৱে আজিহে ইনা জন্মৰ প্ৰসৱ সুখ অনুভৱ কৰিলে ৷

বি : দ্ৰ: আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে এই চুটিগল্পটো মোৰ পত্নী সূৰজস্মিতা আৰু কন্যা শ্ৰেয়াংশীৰ নামত উচৰ্গা কৰিলোঁ ।



Post a Comment

Previous Post Next Post