যান্ত্ৰিকতাৰ যুগত মানুহৰ সম্পৰ্ক-মেঘালী বৰুৱা

ভাৰ্চুৱেল পৃথিৱী খনত মানুহ ইমানেই ব্যস্ত যে কোনেও কাৰো খবৰ ল'বলৈ , কোনেও কাৰো ঘৰলৈ যাবলৈ বৰ্তমান সময় নাই । ডাৰৰ খবৰ ডাৰে পোৱা মোবাইলটোৱে যেন বিশ্বব্ৰহ্মাণ্ড। উৎসৱ-পাৰ্বন বুলিও মাকৰ ঘৰলৈ ছোৱালী আহিবলৈ সময় নাই । কিয়নো , ল'ৰা ছোৱালীৰ পঢ়া-শুনা ক্ষতি হয় । বিনা কাৰণত কোনেও কাৰো ঘৰলৈ নাযায় হয়তো বেয়া পাব বুলি ভাবি লয় । বন্ধৰ দিন বুলি ল'ৰা ছোৱালী মামাৰ ঘৰলৈ যোৱাটো এটা স্বভাৱজাত প্ৰবৃত্তি আছিল । এতিয়া বন্ধৰ দিনত নাচৰ প্ৰশিক্ষণ , গানৰ প্ৰশিক্ষণ মুঠতে বন্ধ কেনেকৈ পাৰ হয় সিহঁতে গমকে নাপায় । কিছুদিন পূৰ্বে মই ফেচবুক হোৱাটছএপত সক্ৰিয় হৈ থকা নাছিলোঁ , কিন্তু কি আচৰিত দুই এজন বন্ধুৰ বাহিৰে কোনেও মোৰ খবৰ নল'লে মোৰ কি হৈছিল । মই বাতৰি কাকত পঢ়িছো , টিভি চাইছো হ'লেও কিবা যেন স্তব্ধ । সম্পৰ্কবোৰৰ পৰা বিছিন্ন হৈ পৰিছিলোঁ । এইয়ে যান্ত্ৰিকতাত দোপদদোপে আগবঢ়া এটি যুগ । ফোন কৰি মাতষাৰ লগালেও যেন বহু সময় গুচি যায় কিন্তু অনাহকত নেটটো অন কৰি ফেচবুক , হোৱাটছএপ , ইউটিউবত কিমান সময় পাৰ কৰে তাৰ হ'লে হিচাপ নাই ।                               
    গ্ৰীষ্মকালত গছৰ তলত বহা , শীতকালত ইঘৰে সিঘৰে গৈ জুহালত বহা এইবোৰটো নাইয়েই সন্ধিয়া হোৱাৰ লগে লগে সকলো ঘৰ সোমাই , চুবুৰীবোৰ নিমাওমাও হয় । কোনোবাই পঢ়ে , কোনোবাই টিভি চাই , কোনোবাই মোবাইলতে নিমগ্ন থাকে তথাপিও কোনো কাৰো ঘৰলৈ নাযায়। বিপদ এটা হ'লেও যেন কোনো মানুহ নাপায়। 
       আগতে বিয়া সবাহত মাতিবলৈ মানুহ ঘৰে ঘৰে গৈছিল। এতিয়া কেৱল গ্ৰাম্যাঞ্চলৰ বাহিৰে আলহী অতিথিক লাহে লাহে ফোন যোগে মতা হ'ল। তেওঁলোকৰ বিভিন্ন অজুহাত যেনে - ল'ৰা নাই , বিয়াৰ দুদিনৰ আগত আহি পাব । দেউতাক অসুস্থ গতিকে ফোনতে মাতিলো বেয়া নাপাবা নিজৰ বুলি আহিবা । ইমানতে কথা শেষ । ল'ৰা ছোৱালীয়েও ফোন কৰি মাতিবলৈ সময় নাই লাগিলে মেছেজ এটা পঠিয়াব নহ'লে বিয়াৰ চিঠিখন ফটো মাৰি হোৱাটছএপত দিব । এয়াই হৈছে নিমন্ত্ৰণৰ নমুনা । যান্ত্ৰিকতাৰ যুগত যেন আমিও যন্ত্ৰ । উচ্চকাংক্ষাই মানুহক পাহৰায় পেলাইছে সকলো , কিন্তু মানুহৰ খোৱা পিন্ধাই জীৱনৰ লক্ষ্য হ'ব নোৱাৰে । সেইখিনি কৰিবলৈকে মানুহে ওৰেটো জীৱন সংগ্ৰাম কৰে । এই ব্যস্ত পৃথিৱীত সকলো মানুহে কৰ্মমুখী হ'বই লাগিব সেইবুলি ইমানো নহয় যে আমি সম্পৰ্কবোৰ বাদ দি চলিম , মৰমবোৰ পাহৰি যাম । মানৱ শৰীৰ যেতিয়া মাটিৰ লগত মিলি যাব সিদিনা কোনোবাই চিঞৰি মাতিলেও আৰু শুনা নাযাব । গতিকে ব্যস্ততাৰ ফাঁকে ফাঁকে হ'লেও আত্মীয় স্বজনক সময় দিব লাগে কিয়নো গঢ়ি উঠা সম্পৰ্ক বোৰ জীয়াই ৰখাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য ।


Post a Comment

Previous Post Next Post