তুমি | পুতুলী ঠাকুৰীয়া মেধী

©Admin
0
এবুকু স্বপ্নীল আশাৰে 
আজি মই বাট চাও ,
এক অনন্ত সজীৱ শক্তি
মোৰ প্ৰেৰণাৰ উৎস ।
তোমাৰ বুকুৰ কোঁ‌হৰ প্ৰশান্ত
অপৰূপ সৌন্দৰ্য্যৰ প্ৰতিবিম্ব ।
মোৰ সত্তাই তোমাকে বিচাৰে...
জীৱনটো জীপাল কৰিবলে
জীৱন মাধুৰীৰ মাদকতা তুমি
জীৱন সংগ্ৰামৰ প্ৰজাপতি
বিলীন হৈ যাম তোমাৰ স'তে
হৃদয়ৰ শেষ সীমান্তত ,
আমাৰ অৱধাৰিত সৃষ্টিত হ'ব
নিগৰিত শুকুলা তুষাৰ
প্ৰবাহিত হৈ থাকিম যুগ - যুগান্তৰলে ।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)