দৌল উৎসৱৰ ইতিহাস আৰু তত্ত্ব কথা | জনাৰ্দন তালুকদাৰ

©Admin
0
"Festivals held by primitive people constituted of collective magic or religious rites for propitiation of evil sprits and invocation of friendly supernatural power and we’re held on such occasions as the admission of new members to a tribe ; disposal of dead and preparation of fishermen for the catch ; hunters for the chase and warriors of battle. festival is an event ordinarily celebrated by a community and centering on some characteristic aspect of that community and its religion or cultures. "
      ভয় আৰু বিস্ময়ৰ পৰিণতিত মানুহৰ মনলৈ আহিছিল ভক্তিভাৱ । ভয় নিবাৰণৰ বাবে ভক্তি কৰিবলৈ যাওঁতে সৃষ্টি হৈছিল নানা ক্ৰিয়া-কাণ্ডৰ আৰু প্ৰাকৃতিক পৰিঘটনা আৰু জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ উপায়ন্তৰ হৈ মানুহৰ মনত সৃষ্টি হোৱা এনে ক্ৰিয়া-কাণ্ডই এটা সময়ত হৈ পৰিল একো একোটি উৎসৱ।
          লোকসংস্কৃতি জাতি আৰু সমাজৰ দাপোন স্বৰূপ। সময়ৰ লগে লগে লোক সংস্কৃতিত উত্তৰণ ঘটে যদিও তাৰ স্বকীয়তা অটুত ৰাখিবলৈ সমাজে সদায় চেষ্টা কৰি যায়। সেই লোকসংস্কৃতিৰ উৎসৱসমূহৰ ভিতৰত অন্যতম ঐতিহাসিক উৎসৱ হ'ল দৌল উৎসৱ। দৌল মানে ভগৱান শ্ৰীকৃষ্ণৰ থান। ফাগুন মাহৰ পূৰ্ণিমা তিথিত ভগৱান শ্ৰীকৃষ্ণক দোলা বা আসনত বহুৱাই ভক্তিমূলক গীত গাই আনন্দেৰে কৰা উৎসৱ হ’ল দৌল উৎসৱ। কৃষ্ণ দৰ্শনৰ কাৰণে কৃষ্ণৰ থান বা মন্দিৰলৈ কৰা যাত্ৰা হৈছে দৌলযাত্ৰা। সেইমতে যিকোনো সময়তে দৌললৈ কৰা যাত্ৰাই দৌলযাত্ৰা নহয় কিয় ? কাৰণ হ’ল ফাল্গুনী পূৰ্ণিমাত কৰা যাত্ৰাহে দৌলযাত্ৰা। দৌল শব্দৰ অৰ্থ হ’ল কোনো দেৱমূৰ্তি বা সম্ভ্ৰান্ত পুৰুষ-মহিলাক কঢ়িয়াই নিয়া কাঠেৰে নিৰ্মিত ‘দোলা’ক বুজায়। প্ৰাচীন কালৰ পৰাই ভাৰতবৰ্ষৰ হিন্দু সমাজত মদন পূজাৰ আনুষঙ্গিক পৰ্ব হিচাপে বসন্ত ঋতুতেই এই দৌল উৎসৱ পালন কৰি অহা দেখা যায়। স্কন্দ-পুৰাণৰ মতে ৰজা ইন্দ্ৰদ্যুম্নই পোন প্ৰথমে দোলাৰুঢ় গোবিন্দক পূজা কৰা বুলি জনা যায়। ইন্দ্ৰদ্যুম্ন ৰজাৰ ভক্তিত বিষ্ণু তুষ্ট হৈ তীৰ্থ-ব্ৰত-পূজা আদি কৰি ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল উৎসৱ পালনৰ পৰামৰ্শ দিলে। পদ্ম পুৰাণত পৰমেশ্বৰে পাৰ্বতীক কৈছে যে হে সুন্দৰী , চ’ত মাহৰ শুক্লপক্ষত বিশেষকৈ একাদশী তিথিত গোবিন্দক দোলাত স্থাপন কৰি পূজা কৰিব লাগে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই উৎসৱক বিভিন্ন নামেৰে পালন কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। বিশেষকৈ দৌল উৎসৱক বসন্তোৎসৱ, মদনোৎস, ফল্গু উৎসৱ, ফাকুৱা, হোলী উৎসৱ, হোলিকা উৎসৱ আৰু দেউল উৎসৱ বুলি কোৱা হয়।
       হোলী উৎসৱ হৈছে এবিধ লোক উৎসৱ। ইয়াৰ অনেক লোক পৰম্পৰা আৰু লোকবিশ্বাস জড়িত হৈ আছে। বিশেষকৈ ফাকুগুড়ি গালে-মুখে ঘঁহিলে বসন্ত ৰোগ নহয়। এই ৰং ঘঁহিলে গাৰ ছাল নিমজ হয়। মুখৰ সৌন্দৰ্য বৃদ্ধি হয়। ইয়াৰ উপৰি দৌলৰ মণ্ডপৰ চাৰিওফালে ঘূৰিলে পূৰ্বজন্মৰ পাপ নাশ হয় বুলি কোৱা হয়। ফাকুগুড়ি পৃথিৱীত পৰিলে মাটিৰ উৰ্বৰতা বৃদ্ধি হয়। দৌল উৎসৱ কেনেকৈ আহিল তাৰ অন্তৰালত বহুতো কাহিনী শুনা যায়। তেনে কাহিনীবোৰৰ ভিতৰত হ'ল দৌল উৎসৱ মূলতঃ ঋতুকালীন কৃষিভিত্তিক উৎসৱ। ই এক প্ৰতীকাত্মক ৰূপ ঋতু পৰিৱৰ্তনৰ। উত্তৰ ভাৰতত অত্যন্ত শীতৰ পাছত অহা বতৰৰ উষ্ণতাক স্বাগতম জনাবলৈ এই উৎসৱ পালন কৰা হয়। এই সময়ত খেতিপথাৰত , ভঁৰালত শস্যৰ পয়োভৰ হোৱাৰ বাবে প্ৰাচীন কালত ‘সয়েষ্টি’ নামৰ এক কৃষিযজ্ঞ কৰা হৈছিল। এই যজ্ঞত কৃষিজাত সামগ্ৰীৰ কিছু অংশ অগ্নিক সমৰ্পণ কৰা হৈছিল আৰু আনন্দতে আটাইয়ে গাত ফাঁকু ছটিয়াই লৈছিল আৰু যজ্ঞৰ কুণ্ডৰ চাৰিওফালে প্ৰদক্ষিণ কৰি নানা গীত গাইছিল।  "গৰ্গ সংহিতাত" উল্লেখ থকা অনুসৰি শ্ৰীকৃষ্ণই যেতিয়া ব্ৰজধামলৈ আহে তেতিয়া ৰাধা আৰু তেওঁৰ সংগীসকলে মন্দিৰৰ ৰং , ফাঁকুগুৰি , চন্দন আদি লৈ কৃষ্ণৰ ওচৰলৈ যায়। ৰাধা আৰু গোপীকন্যাসকলে কৃষ্ণক ৰং আৰু ফাঁকুগুৰিৰে ছটিয়াই ৰং খেলে। তেতিয়াৰ পৰাই এই ৰঙৰ উছৱৰ আৰম্ভণি বুলি বহুতো পণ্ডিতে মত পোষণ কৰে। এই দৌলোৎসৱৰ লগত জড়িত এটা উৎসৱ হৈছে মেষদাহ বা বহ্ন্যুৎসৱ। দেউল উৎসৱৰ আগদিনা সন্ধ্যাপৰত খেৰেৰে এটা সৰু ঘৰ সাজে। ঘৰটোত এখন দুৱাৰ থাকে। সেই ঘৰটোত এটা মেষ (ছাগলী) সুমুৱাই থোৱা হয়। পুৰোহিতে হাতত এডাল জোঁৰ লৈ মন্ত্ৰপাঠ কৰি ঘৰটোৰ চাৰিওপিনে ঘূৰি ঘূৰি যথা সময়ত ঘৰটো প্ৰজ্বলিত কৰা হয়। মেষটোৰ নোম অলপ পোৰা যেন অনুমান হ’লে তাক ঘৰটোৰ পৰা টানি বাহিৰলৈ অনা হয়। ইয়াৰ গভীৰ তত্ত্ব আৰু তাৎপৰ্য হ’ল মেষ লোভৰ প্ৰতীক। মানুহে লোভ নামৰ এই ঘৃণনীয় ৰিপুক নিজৰ অন্তৰতে দহন কৰি একান্তমনে পৰম পুৰুষ ভগৱন্তৰ শ্ৰীচৰণত মন প্ৰাণ সমৰ্পণ কৰিব লাগে। আনহাতে মেষ কামভাবৰো প্ৰতীক। মেষদাহৰ জড়িয়তে কাম-বাসনাক বিনাশ কৰিব লাগে। অৰ্থাৎ দুস্কৃতিক নাশ কৰিব লাগে। আন এক আখ্যান অনুসৰি বিষ্ণুবৈৰী হিৰণ্যকশিপুৰ বিষ্ণুভক্ত পুত্ৰ প্ৰহ্লাদক হৰিৰ নাম এৰাবলৈ বহু চেষ্টা কৰিও বিফল হোৱাত নিজপুত্ৰক মাৰি পেলোৱাৰ অপচেষ্টাত লিপ্ত হ’ল। কিন্তু বিষ্ণুভক্ত প্ৰহ্লাদৰ চুলি এডালৰো হানি কৰি নোৱাৰিলে। অৱশেষত হিৰণ্যকশিপুৰ নিজ ভগ্নী হোলিকাক প্ৰহ্লাদক মাৰিবলৈ নিয়োগ কৰিলে। কিয়নো হোলিকাক হেনো অগ্নিয়ে দগ্ধ কৰিব নোৱাৰে । কাৰণ হোলিকাই অগ্নিৰ পৰা অগ্নিদগ্ধ নোহোৱা বৰ লাভ কৰি থৈছে। গতিকে হিৰণ্যকশিপুই ভগ্নী হোলিকাক কোলাত লৈ থাকিবলৈ দি তাইৰ গাত অগ্নি সংযোগ কৰি দিছিল। কিন্তু বিষ্ণুৱে প্ৰহ্লাদক এইবাৰো ৰক্ষা কৰিলে আৰু প্ৰহ্লাদৰ গাত জুই নালাগিল বৰং হোলিকাহে অগ্নিদগ্ধ হ’ল । ইয়াৰ দ্বাৰা ইয়াকে প্ৰতিপন্ন কৰা হ’ল যে ভগৱান বিষ্ণুৰ ওপৰত কাৰো হাত নাই , তেওঁ ৰাখিলে ৰাখিব পাৰে মাৰিলে মাৰিব পাৰে । অৰ্থাৎ সত্যৰ জয় অনিবাৰ্য । এতিয়াও ভাৰতৰ বহুতো গ্ৰামীণ অঞ্চলত ফাগুনৰ পূৰ্ণিমাৰ ১০-১৫ দিন আগৰে পৰা বিভিন্ন আকাৰৰ ছিদ্ৰ থকা গোবৰৰ চাক বনাই শুকুৱাই লৈ তাৰে মালা নিৰ্মাণ কৰা হয় আৰু এইবোৰক হোলিকা বুলি কোৱা হয় ।এই হোলিকাকেই প্ৰতিকী ৰূপত খৰিৰ আগত লগাই দাহন কৰা হয় । এই হোলিকা দাহনৰ পিছদিনাৰ পৰাই হোলী উৎসৱ পালন কৰা হয় । ঠাই ভেদে ইয়াৰ নাম ধুড়েৰী , ধুলেন্তী বা ধুনিবন্দন বুলি কোৱা হয় । হোলিকা দাহন প্ৰকৃততে দুস্কৃতিৰ প্ৰতীক দাহন । হোলিকাই শেষত নিজৰ ভুল বুজি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে । প্ৰহ্লাদে বৰ দিয়ে এইবুলি যে মৃত্যুৰ পিছত হোলিকাক বছৰেকত অন্ততঃ এদিন সকলোৱে স্মৰণ কৰিব । এই হোলিকাৰ পৰাই ‘হোলী’ ৰ সৃষ্টি আৰু হোলীত সেই নিজৰ ভুল বুজি কৃষ্ণনাম লোৱা হোলিকাক পৃথিবীৰ সকলো মানুহে সেইদিনা স্মৰণ কৰে ।
      অসমত বটদ্ৰৱা থান বা বৰদোৱা থানতেই শংকৰদেৱে প্ৰথম নামঘৰ সজাই দৈনন্দিন নাম-প্ৰসঙ্গ আৰু কীৰ্তন পাঠ কৰাইছিল। ১৪৭০ চনত মাত্ৰ ২১ বছৰ বয়সতে একশৰণ ধৰ্মৰ মূল গূঢ়াৰ্থ বুজাবৰ বাবে , শ্ৰীকৃষ্ণৰ জীৱন ৰহস্য বুজাবৰ বাবে 'চিহ্নযাত্ৰা' ভাওনা কৰিছিল । চৰিত পুথিত উল্লেখ থকা মতে ১৩৯২ শকতে ( ১৪৭০ চন )ই শংকৰদেৱে নিজে তামৰ চৰিয়াৰে মাটি কঢ়িয়াই দৌল সাজিছিল । ভেটিৰ বাবে মাটি খান্দোতে উদ্ধাৰ হৈছিল বিষ্ণু মূৰ্তি। এই মূৰ্তিয়েই আজিৰ দৌলৰ কৃষ্ণ ভগৱান বা দৌলগোবিন্দ । এই দৌল সাত বৈকুণ্ঠৰ আৰ্হিৰে সাত খলপীয়াকৈ আসন নিৰ্মাণ কৰি কৃষ্ণ ভগৱানক স্থাপন কৰা হৈছিল । তেওঁ প্ৰথমে পাটেকীবাৰী সত্ৰত বৰদোৱাৰ কীৰ্তনঘৰৰ দক্ষিণে নিৰ্মাণ কৰা দৌলত ফাঁকুৱা উৎসৱৰ পাতনি মেলিছিল। বৰদোৱাৰ পিছতেই ১৫১৮ শকত অৰ্থাৎ ১৫৯৬ চনত বৰপেটাত মথুৰাদাস বুঢ়াআতাই দৌল উৎসৱৰ আৰম্ভণি কৰিছিল। বৰপেটাৰ স্থানীয় ভাষাত ইয়াক ‘দেউল’ বুলি কোৱা হয়। হস্তা নক্ষত্ৰৰ গতিবিধি চাই দৌল তিনিৰ পৰা পাঁচদিনীয়া হয়। বৰপেটাত এই তিনি বা পাঁচদিনীয়া দৌল উৎসৱৰ বহ্নোৎসৱ, মহাস্নান, মহাপূজা, ফল্গু সিঞ্চন, হোলী বা ফাঁকুৱা আদি ভিন ভিন দিনৰ ভিন ভিন পৰ্বৰ লগতে সুঁৱেৰী এক উল্লেখনীয় তথা আকৰ্ষণীয় পৰ্ব ।
        দৌলোৎসৱৰ সৈতে ফাকুৱাৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। বৈষ্ণৱ বিশ্বাস অনুসৰি, ফাগুন মাহৰ পূৰ্ণিমা তিথিতি শ্ৰী কৃষ্ণই গোপী সকলৰ সৈতে বৃন্দাবনত ৰঙৰ খেলা খেলিছিল। তাৰ পৰাই দৌলোৎসৱৰৰ উৎপত্তি হয়। আনহাতে ফাগুন মাহৰ পূৰ্ণিমা তিথিটোত শ্ৰীকৃষ্ণই গোপী সকলৰ সৈতে এই খেলা কৰাৰ বাবে সেই পূৰ্ণিমা তিথিটোক দৌল পূৰ্ণিমা বা ফল্গু পূৰ্ণিমা বুলিও কোৱা হয়। সেয়া যিয়েই নহওক, হোলীৰ উদ্দেশ্য সমাজৰ ভুল বোৰ আঁতৰাই নিকা আৰু প্ৰফুল্লিত মন গঢ়া। শীত পাৰ হৈ বসন্তৰ দুৱাৰ মুখত এক ন উদ্যম প্ৰদানৰ কাৰক হৈ আহিছে এই হোলী। হোলীৰ মাদকতাই সুকীয়া। জাতি, বৰ্ণ নিৰ্বিশেষে এই উৎসৱটোৱে সদায় সকলোকে একত্ৰিত কৰি আহিছে। এই ফাকুৱা উৎসৱ হৈছে ধৰ্মীয় কৃত্য সাধনৰ ৰং আৰু আনন্দৰ উৎসৱ, মিলনৰ উৎসৱ, সম্প্ৰীতিৰ উৎসৱ। ভাৰতীয় ধৰ্ম-দৰ্শনৰ মূল আধাৰ ভগৱান শ্ৰীকৃষ্ণৰ লীলা জনসমাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দৌল উৎসৱ কৰা হয়। কৃষ্ণভক্তিৰ মাজেৰে ভক্তবৃন্দক পৰমাত্মাৰ ফালে গতি কৰাই এখন আধ্যাত্মিক চিন্তা-চেতনাৰ আদৰ্শ সমাজ গঢ়াৰ বাবে ৰং-ৰহইচৰ মাজেৰে ঐক্য-সংহতি অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰা হয় । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)