দুৰভিসন্ধি ০৩ | সুশান্ত দাস

©Admin
0
ৰাতিপুৱা প্ৰায় চাৰি মান বজাত সকলো একেলগে উঠিল আৰু দাঁত ঘঁহি নিমজ কৰি চাহ পানী খাই গা ধুব ওলাল।।প্ৰথমে মামীয়েকে গা ধুলে যিহেতু তেওঁ নাযায় আৰু গোটেই খোৱাৰ যোগাৰ কৰিব আছে, তাৰ পাছত এজন এজনকৈ গোটেই কেইজনে গা ধুই জুইৰ উত্তাপ লৈ মামীয়েকে বহি দিয়া গৰম গৰম ভাত কেইটা খাবলৈ বহিল। সকলোৱে খাই মেলি চিৰিয়াখানা অভিমুখে যাব ওলাল,আৰু তেতিয়া ইমনে মাকলৈ এটা ফোন লগাবলৈ মামায়েকক অনুৰোধ জনালে।মামায়েকে ও ফোন লগাই দিলে আৰু ইমনৰ কাণত দিলে। ইমনে কবলৈ ধৰিলে “মা! অ' মা! আমি যাব উলাইছোঁ আশীৰ্বাদ কৰিবা যাতে ভালদৰে ঘূৰি আহো।” এইবুলি সি গাড়ীত উঠিল আৰু ভাইটী কেইটাও উঠিল আৰু চিৰিয়াখানা অভিমুখে যাব ওলাল। ইফালে সেই কু বুদ্ধিৰ দদায়েক কেইটাই সিহঁতৰ বুদ্ধি মতে অৰ্থাৎ সিহঁতৰ দুৰভিসন্ধি মতে তাক অপহৰণ কৰিব ওলাল। ইমন হত সেই ঠাই পালেহি অৰ্থাৎ চিৰিয়াখানা! এটি সুন্দৰ পৰিৱেশ। সিহঁতে বিভিন্ন জীৱ জন্তু দেখিব পাৰিলে। ইমনে বগা অজগৰ সাপো দেখিলে ,তাতে বান্দৰবোৰৰসৈতে সিহঁতে নিজৰ খাদ্য ভগালে। তাৰ পৰা অপহৰণকাৰি কেইটা তাতেই ঘূৰি ফুৰিছিল।তেনেতে সিহঁতক  ইমনে দেখিলে আৰু ভাইটী কেইতাক এৰি সিহঁতক মাতিব গল। ইমনে নিজে নিজকে সাপৰ গাতত পেলাব গৈ আছিল; কিন্তু তাৰ এইটো কথা একেবাৰেই অজ্ঞাত আছিল।। সি গৈ মাতিলত সিহঁতে তাক ধুনীয়াকৈ এশাৰী মাত দি কলে “ইমন,তুমি আমাৰ লগত বলা মোৰ বন্ধু দুজনমানৰ লগত চিনাকি কৰাই দিম।” ইফালে এইটো সিহঁতৰ ষড়যন্ত্ৰ  আছিল। ইমন কিন্তু যাব নিবিচাৰিলে আৰু কলে “দাদা মই নাযাও দিয়া,মই গলে মামাহতে এনেই চিন্তা কৰি থাকিব।বেলেগ এদিন যাম।” এইবুলি সি যাব ওলাউতেই তাক পিছফালৰ পৰা ধৰি ধমক দি সুধিব ধৰিলে “চুৰ,মোৰ দামী কলমটো কিয় চুৰ কৰিলি?” সি বিনয় ভাবেৰে উত্তৰ দিলে “দাদা মই চুৰ নাই কৰা দেই,,মই তেনেকুৱা স্বভাৱৰ নহয়।” সিহঁতে কলে “অ তই ধোৱা তুলসীৰ পাত।” এনেকৈ তাক কওঁতেই মামায়েক আহি পালেহি আৰু খঙেৰে চাব ধৰিলত সিহঁতে তাক এৰি দিলে। তাৰ পৰা সিহঁতে তলমূৰ কৰি ভাবিব পাৰিলে যে সিহঁতৰ ষড়যন্ত্ৰ ধুলিৰ লগত মিলি গল অৰ্থাৎ ধৰা পৰিল। সিহঁতক ইমনৰ মামায়েকে সুধিলত কবলৈ ধৰিলে “ তহঁতে এইবোৰ কিয় কৰিছ? ভাইটি হয় নাই টোৰ?” তেতিয়া সিহঁতে সেই দামী কলমটোৰ কথা সকলো বিৱৰি কলে। তেতিয়া সেই মামায়েকৰ সৰু পুতেক টোৱে কলে "অ মই এই সেইটো লৈছিলোঁ কিন্তু কৰবাত পৰি গৈছিল তোমালোকৰ ঘৰতে,,বিচাৰিলে পাবা।।” তেতিয়া সিহঁতে ক্ষমা বিচাৰি কবলৈ ধৰিলে “ইমন ভাইটী,আমাক ক্ষমা কৰা।তোমাক এনেয়ে দোষী সাব্যস্ত কৰিলোঁ। আমি কৰা ষড়যন্ত্ৰৰ বাবে আমি ক্ষমাপাৰ্থী।।” তেতিয়া ইমনে সৰু মাতেৰে কলে “ একো নহয় আচলতে কাৰো এই ভুল নাছিল এনেই এজনে সিজনক দোষী ভাবি আছিলোঁ।।” তাৰ পৰা মামায়েকে তেওঁৰ সৰু পুতেকক অলপ টান কৰি কথা কলে আৰু ক্ষমা বিচাৰিব কলে।সিও ক্ষমা বিচাৰিলে আৰু কেতিয়াও নকৰোঁ বুলি কলে।। তাৰ পৰা সিহঁত একেলগে মিলি চিৰিয়াখানা ভ্ৰমিলে আৰু পাছত ঘৰা ঘৰী গুচি আহিল। তাৰ পৰা ইমন কেইদিমান থাকি মামায়েকৰ ঘৰৰ পৰা স্মৃতিৰ সফুঁৰা লৈ আকৌ নিজ ঘৰ গলগৈ।। তাৰ বাবে এই যাত্ৰা এটি যাত্ৰাই নাছিল এইয়া আছিল এক অনুভৱৰ এমুঠি যত আছিল সুখ দুখ ইত্যাদি।।




°°সমাপ্ত°°




উপলদ্ধি: আমি কেতিয়াও আগ পাছ নুগুনি কাম কৰিব নালাগে এইটোৰ ফল আমাৰ বাবে অস্বস্তিকৰ হব পাৰে।। সৰু শিশুৰ মনবোৰ সদায় সৰু কিন্তু নিৰ্মল। যদি ইয়াত ভ্ৰস্ত ধাৰণাই জন্ম লয় আমি ইয়াক যিমান পাৰোঁ সোনকালেই আঁতৰাব লাগে কাৰণ এইবোৰ ডাঙৰ হৈ ডাঙৰ বিপদ মাতি আনিব পাৰে।। 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)