চাংঘৰৰ একোণত হেঁপাহ পলুৱাবলৈ ,
প; আপিন আৰু পুৰাং আপিনৰ
সোৱাদ ল'বলৈ লৃগাং আহি আছে..।।
ফাগুন ৰ সৰাপাতৰ বিননিত,
দঞি পল ছে-দি-মে-ল,
কাছিং কাৰ্তাৰ আশীষ আনন্দ মাজত,
কৃষকৰ আশাৰ সোনগুটি সিচাঁৰ
সোণাৱলী ক্ষনত লৃগাং আহি আছে...।।
ফাগুনৰ প্ৰথম বৰষুণ জাকৰ অপেক্ষা অন্তত,
মিছিং ডেকা- গাভৰুৰ
নাচোনৰ তালত আৰু
ঐনিতম সুৰৰ ধ্বনি ত মাজত
লৃগাং আহি আছে....।।
ফাগুনৰ পলাশ, শিমলু আৰু
মদাৰ ৰ অভিমানৰ মাজত,
ৰঙলী ৰ মিবুগালুক গান আৰু
গুমৰাগ নৃত্যৰ আনন্দ
যোগাবলৈ লৃগাং আহি আছে......।।