নীল আকাশৰ তলত
জোনাকী সন্ধ্যাত
এৰি আপোন জনক
চিৰ শান্তিৰ লালসাত
তুমি চিৰদিনৰ বাবে
অজান দেশলৈ গমন কৰিলা...
মাতৃৰ কৰুণ কান্দোন
তোমাৰ কাণতে নাই পৰা
তোমাৰ হাতত হাত ধৰি
পাহাৰ বগোৱা ভাতৃৰ
মিনতি তুমি নুশুনা...
মানুহে কয় তুমি নিষ্ঠুৰ
দয়াহীন , নাই তোমাৰ মৰম
সেই বাবেই চাগে তুমি আপোনহাৰা
নাই কোনো সংগী , কোনো পথিক ।
মৰম কৰা ককাই কেইজনে
সযত্নে কান্ধত তুলি
তোমাক ঘৰৰ পৰা
বিদায় দিবলৈ
সন্ধ্যাই ওলাল
তোমাৰ চাগে
ওৰে ৰাতিটো
ঘৰত থকাৰ ইচ্ছা
ভন্টীৰ লগত কাজিয়া কৰি
আইৰ কোলাত
টোপনি যাবলে ;
সময়ৰ নাটনি
তোমাৰ ককাইদেউৰ
আজৰি হ'বলৈ
দায়িত্ব সামৰিবলৈ...
লৈ ওলাল তোমাক
জন্মদাত্রীৰ মৰমো নাই আজি তোমাৰ লগত
আজন্ম থকাৰ প্ৰতিশ্ৰুতি দিয়া জনো নাই কাষত
অনবৰতে থকা তেওঁ আজি দুইখোজৰ লগত
তোমাক কেতিয়াও পাহৰিব নোৱাৰি
হালধীয়া জুইকলা
সুউচ্চ হৈ জ্বলি উঠিছে
তোমাৰ ভাগৰোৱা শৰীৰ
তিল তিলকৈ নিগৰি উঠিছে
চন্দন বৃক্ষ জোপাই
তোমাৰ দেহাক বিধ্বস্ত কৰি...