অনুভূতিৰ ৰঙীন ফেৰীখন ঘাটত লাগি ধৰিছে,
আৰু মৌ মাখিয়ে ডালে ডালে উদ্যম নৃত্য!
ফাগুন ফাগুন উতলা ফাগুন,
তচনচ প্ৰকৃতি
কুলি কাউৰী বিয়ৈ বিয়নী
আত্মাৰ প্ৰবাহিত হয় ৰঙীন পথেৰে ধূলিকণাই ছানি ধৰে প্ৰকৃতি ;
আউল ভাঙে আৰু যোৰে
বিৰিখে সলাই পাত ,
ফাগুন অহাৰ বাটেৰে আহে
বহাগ ৰঙত মোহিত হয়
ভাৱনাত সৃষ্টি হয় সপোন।