অনুভৱত 'মানৱতা'

©Admin
0
নিজেই নিজক পঢ়িছিলোঁ,
অতীত, বৰ্তমান--
সময়ৰ জুলুঙাত ভৰাই থোৱা
শব্দবোৰ খুচৰি
এটা এটা কৈ বিচাৰি চালোঁ,
নাই!!!
ইয়াত দেখোন শব্দ এটা নাই !
অ , সচাকৈয়ে নাই !
ক'ত হেৰাল-?
নিজকে প্ৰশ্ন কৰিলোঁ!

সৃষ্টিৰ বুকুত ?
বিজ্ঞানৰ কালগ্ৰাসত ?
ৰাজনীতিৰ প্ৰলোভনত ? 
নে !
নাৰীক চিনি নোপোৱা
তেজ পি খোৱা মানৱৰূপী
পিসাচুৰ মাজত ? 

লালসাত বলি হ'ল নেকি !!

'মই'জনী উচুপি কান্দিলেও
বিচাৰি পাবনে--
হেৰুৱা শব্দ 'মানৱতা'ক ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)