দোকানখনৰ পৰা পুৰৱী গাখীৰ দৈনিক আনো । এওঁৰ সময় হ'লে আনি থৈ যায় । সময় নহ'লে ময়ে সন্মুখৰ দোকানখনৰ পৰা গাখীৰৰ লগতে আন আন দৰকাৰী গেলামাল আনিবলৈ যাওঁ । দোকানীজনৰ কথাত মই আচৰিত হৈছিলোঁ যদিও অকনো লাজ পোৱা নাছিলোঁ । তেখেতৰ চিন্তাধাৰাৰে তেখেতে ঠিকেই ভাবিছে । প্ৰফেচৰৰ ঘৈনীয়েক হৈ নিজেই ঘৰৰ সকলো কাম কৰাতো যেন সম্ভ্ৰান্ত ঘৰৰ পৰিচয় নহয়। তেখেতৰ নিজৰ ঘৰতো পাৰ্ট টাইম বাই এজনীয়ে কাম কৰে ।
আজিকালি প্ৰতিপত্তি থকা লোকসকলৰ দৰে মধ্যবিত্ত লোকসকলেও কাম কৰা মানুহৰ সহায় নোহোৱাকৈ চলিব নোৱাৰা হৈছে । পতি-পত্নী দুয়োগৰাকী যদি চাকৰিয়াল হয় বা ল'ৰা-ছোৱালী সৰু হৈ থাকিলে বা হাউচ্ ৱাইফ গৰাকী যদি অসুখী হয় তেতিয়া কাম কৰা বাই এগৰাকীৰ নিত্যান্তই প্ৰয়োজন। কিন্তু বিজ্ঞানৰ যুগত সৰু পৰিয়ালত ঘৰত থকা মহিলা এগৰাকীৰ বাবে কাম কৰা বাইৰ কিমান প্ৰয়োজন সেয়া বিচাৰ্য বিষয় । আজিকালি দমকল মাৰি কাপোৰ ধুব নালাগে, প্ৰায় সকলোৰে ৰানিং ৱাটাৰৰ ব্যৱস্থা থাকে । ৱাশ্বিং মেচিনতে কাপোৰ ধোৱা হয় । ঘৰ মোচা হয় ঠিয় হৈ ব্ৰাচেৰে । সকলো কাম ঠিয় হৈ কৰাৰ বাবে আমাৰ কেলৰি অকনো বাৰ্ণ নহয় । উপযুক্ত পৰিশ্ৰমৰ অভাৱত নানান বেমাৰে আগুৰি ধৰে । আমি যিমানখিনি পাৰোঁ নিজৰ কামখিনি নিজেই কৰা উচিত । মহাত্মা গান্ধীয়ে নিজৰ সকলো কাম নিজেই কৰিছিল । স্বাধীনতা আন্দোলনৰ সময়ত ইমান ব্যস্ততাৰ মাজতো নিজৰ কাপোৰ নিজে ধুই ইস্ত্ৰি কৰিছিল । নিজৰ পায়খানাৰ টেংকি (সেই সময়ত সৰু সৰু টেংকীৰ ব্যৱস্থা আছিল । যিবোৰ কেইদিনমানৰ মুৰে মুৰে হাতেৰে পৰিস্কাৰ কৰিব লাগিছিল।) নিজেই পৰিস্কাৰ কৰিছিল । এঠাইৰ পৰা আনঠাইলৈ খোজ কাঢ়ি গৈ মিটিং কৰাৰ মাজতে তেওঁ যদি নিজেই নিজৰ কামবোৰ কৰিব পাৰিছিল আমি কিয় নোৱাৰোঁ । অৱশ্যো হাউচ্ ৱাইফ বা হোম মেকাৰ হ'ল বুলিয়ে অকল মহিলাগৰাকীয়ে যে ঘৰখনৰ সকলো কাম কৰিব লাগিব তাৰ কোনো মানে নাই । ঘৰৰ সকলোৱে নিজৰ সৰু সৰু কামবোৰ নিজে কৰিলে ঘৰখন পৰিপাটি হৈ থাকে আৰু সকলোৰে মনবোৰো ভালে থাকে । তাৰোপৰি ল'ৰা-ছোৱালীয়েও সৰুৰে পৰাই নিজৰ কাম নিজে কৰিবলৈ শিকে । ক'ৰবাত পঢ়িছিলোঁ আমেৰিকাত হেনো সকলোৱে নিজৰ কাম নিজেই কৰে । প্ৰতিটো শনিবাৰে তেওঁলোকে চৰকাৰলৈ বাট নাচাই নিজৰ নিজৰ ৰাষ্টা-ঘাট নিজেই পৰিষ্কাৰ কৰে । কিন্তু আমাৰ ইয়াত চৰকাৰৰ মুখলৈ চাই আমি নিজৰ পদূলিটোৱে চাফ চিকুন নকৰোঁ ।
আজিকালি দেখিবলৈ পোৱা যায় ঘৰত খাবলৈ চাউল নাথাকিলেও জন্মদিনত কেক্ কাটি জন্মদিন পাতিবই লাগিব । নহ'লে যেন অহা বছৰটো সন্তানটোৰ ভালে নাযাব । শিক্ষিতই হওক বা অশিক্ষিতই হওক Happy birthday to you গাবই লাগিব । লগতে সন্তানৰ খুৱাইছ অনুযায়ী দামী দামী উপহাৰ । এয়া যদি অপসংস্কৃতি বুলি কওঁ বহুতে হয়তো জাঙুৰ খাই উঠিব । এনেবোৰ কথা কোৱাতো হয়তো উচিতো নহয় । কিয়নো সকলোৰে ৰুচি-অভিৰুচি বেলেগ বেলেগ । সময়ৰ লগত সকলোৱে খোজ মিলাব বিচাৰে । কিন্তু সময়ৰ লগত খোজ মিলাওঁতে আমি চিন্তা কৰা উচিত যে সেই খোজটোৱে আমাক উন্নতিৰ পথলৈ নিব নে অৱনতিৰ পথলৈ নিব। আগৰ দিনত মানুহে জন্মদিন পালন নকৰিছিলেই । কোনোবাই পালন কৰিলেও প্ৰসাদ এভাগ আগবঢ়াই নাম-কীৰ্তন কৰি সন্তানৰ মংগল কামনা কৰিছিল। কিন্তু আজিকালি কেক্ গালত ঘহা , মম্ ডাল জ্বলাই আকৌ নুমুৱাই দিয়া, এটুকুৰা কেক্ সকলোৰে মুখত অকন অকন খুৱাই দিয়া , আলহীৰ পৰা উপহাৰ লোৱা আদি কাৰ্যই সন্তানৰ কি উপকাৰ কৰিব নাজানো । কিন্তু অকনমানহ'লেও যে অপকাৰ কৰিব সেয়া ধূৰূপ্ । প্ৰথম কথা হ'ল সন্তানৰ উপহাৰৰ প্ৰতি লোভ বাঢ়ি যাব । দ্বিতীয়তে , এটুকুৰা কেক্ সকলোকে খুৱাই দিয়াৰ ফলত ইজনৰ বেমাৰ সিজনলৈ বিয়পিব । তৃতীয়তে সন্তানৰ মনত এটা ধাৰণা হ'ব যে বছৰি জন্মদিনটো পালন কৰিবই লাগিব । তাকো আনতকৈ বেছি জাকজমকৈ । প্ৰতিবছৰে তেওঁলোকৰ মনটো বাহ্যিক জাকজমকতাৰ প্ৰতি বেছিকৈ আকৰ্ষিত হ'ব। এটা সময়ত এনেকুৱা হ'ব যে বন্ধুৰ লগত অকলে তেওঁলোকে জন্মদিন পালন কৰিবলৈও ইচ্ছা কৰিব আৰু মাক-দেউতাকক টকাৰ ডিমাণ্ড দিব । এইবোৰৰ বাবে আমি তেতিয়া তেওঁলোককে দোষ দিম । কিন্তু ভাৱকচোন ইয়াৰ বাবে দায়ী তেওঁলোক নে আমি অভিভাৱকবোৰ ? সৰুতেই যদি আমি তেওঁলোকৰ জন্মদিনত কিবা এটা ভাল কাম কৰিবলৈ উৎসাহ দিলোহেঁতেন । যেনে ধৰক, যদি পাৰে অনাথ আশ্ৰমলৈ বা বৃদ্ধাশ্ৰমলৈ গৈ আইতাসকলৰ বাবে কিবা এটা উপহাৰ দি জন্মদিনটো তেওঁলোকৰ লগত সাধাৰণভাৱে পালন কৰিলে ল'ৰা-ছোৱালীয়ে তেওঁলোকৰ পৰা বহু কথাই শিকিব পাৰিব । ঘৰতে নাম-প্ৰসংগ কৰিলেও মন ভাল লাগে । ইয়াৰোপৰি গছ পুলি ৰোপণ কৰি নাইবা এখন ভাল লগা ঠাইলৈ পৰিয়ালৰ সৈতে ফুৰাবলৈ নিলেও তেওঁলোকে যি অনাবিল আনন্দ উপভোগ কৰিব সেইখিনি আনন্দ আৰু শিক্ষা কেক্ গালত ঘহাত নিশ্চয় নাপায় । মোৰ সম্পৰ্কীয় আলহী এজনীয়ে এদিন কাৰোবাৰ জন্মদিন খাই আহি মোক কৈছিল "জন্মদিনত মাংস নুখুৱালে সেয়াও জন্মদিন হয়নে?" মনতে সিদিনা ভাবিছিলোঁ আমাৰ পৰিয়ালটো এতিয়াও আধুনিক হোৱা নাই নেকি?
অলপতে আমাৰ ভাৰাতীয়া মহিলা এগৰাকীয়ে ক'লে যে, তেওঁলোকৰ ঘৰৰ ওচৰৰ মহিলা এগৰাকীয়ে বন্ধন বেংকত ঋণ্ লৈ ছোৱালীৰ তোলনি-বিয়া পাতিছে। মাছে-মাংসই খুৱাইছে । এতিয়া তেওঁলোকৰ চলিবলৈ পইছা নাই, গিৰিয়েক মদাহী । এয়াই আমাৰ অসম । ইয়াত শক্তি চাই ভক্তি নহয় । উদক দেখি বোন্দাই ডুবিওৱাৰ দৰে কামহে হয় ।
এইবাৰ (2021ৰ) ৰাসত কিছুমান ঠাইত কৃষ্ণৰ ৰাসলীলা খুব অশ্লীল আৰু দৃষ্টিকটুভাৱে উদযাপন কৰা টিভিৰ বাতৰিত দেখিবলৈ পোৱা গ'ল । স্বল্প-বসন পৰিধান কৰি ৰাধা-কৃষ্ণ, গোপিনীৰ ভাওঁ দিয়া এই বজৰুৱা অশ্লীল নৃত্যবোৰ দেখি মনত প্ৰশ্ন জাগে এয়াই আধুনিকতা নে? ভাবিবৰ সময় হ'ল । নহ'লে এনেকৈয়ে আমাৰ কৃষ্টি-সংস্কৃতি ধ্বংস হ'ব আৰু কৃষ্টি-সংস্কৃতি অবিহনে এটা জাতি জীয়াই নাথাকে ।
পুৰণিৰ লগতে আধুনিকতাকো আমি আকোৱালি ল'বই লাগিব । কিন্তু আধুনিকতাৰ নামত ধুন-পেঁচ মাৰিব নিশ্চয় নালাগে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ