দুৰভিসন্ধি ০২ -সুশান্ত দাস

ৰাতিপুৱাল, বেলি আহি মূৰৰ ওপৰত ইমন শুয়েই আছিল কিন্তু সি আজিলৈকে ইমান বেলিলৈকে শুই থকা নাই। মামীয়েকে তাৰ কালি ভয়াৰ্ত অৱস্থা দেখি বুজিব পাৰিলে যে সি ভয় লগাৰ বাবে ৰাতি দেৰিকৈ শুলে আৰু সেইবাবে এতিয়ালৈকে শুই আছে। তাৰ পৰা ভাইটি কেইটা আহিল তাক জগাবলৈ বুলি। সিহঁতে তাৰ কাণৰ ওচৰত চিঞৰিব ধৰিলে “দাদা উঠা উঠা খেলিব যাওঁ!” সি কোলাহল শুনি ঘপ্ কৰে উঠি আহিল আৰু ক'লে “গৈছো গৈছোঁ ৰবা।” ইমন উঠি আহিল বিছনাৰ পৰা আৰু মামিয়েকে কলে “ যোৱা বাহিৰতে মুখ ধুই আহাগৈ,পানী দি থোৱা আছে ব্ৰাছ তাতে আছে।”  ইমন গ'ল আৰু মুখ ধুব ল'লে লগতে ভাইটি কেইটাও গ'ল আৰু ক'বলৈ ধৰিলে “ দাদা আমি আজি কাষৰ দাদা হঁতৰ ঘৰলৈ যাম দেই ভাল লাগিব,অনেক কথা পাতিম আৰু খেলিম।” সি ওলোটাই সুধিলে “ তেওঁলোক কোন শ্ৰেণীত পঢ়ে?” সিহঁতে ক'লে “ দুজন আছে এজন নৱম শ্ৰেণীৰ আনজন দশম শ্ৰেণীৰ” ইমনে কওঁ নকওঁ কৈ ক'লে “অহ, হ'ব বাৰু যাম।” এইবুলি সকলো মুখ ধুই চাহ খাবলৈ বহিল। মামীয়েকে সিহঁতৰ বাবে ফলৰ ৰস আৰু ফল আনি দিলে। সিহঁতে খালে আৰু খাই থকাৰ সময়তেই মোমায়েকে ক'বলৈ ধৰিলে “ইমন আমি কাইলৈ চিৰিয়াখানা যাম,তোমাৰ অনুভৱ কেনে?” সি ক'লে “মামা মই বহুত উদ্গীন্নতাৰে বাট চাই আছিলোঁ এই দিনটোলৈ।” মোমায়েকে ক'লে “ ঠিক আছে, কাইলৈ যাম। এতিয়া অফিচলৈ উলাও।” ইফালে ভাইটিহঁতে ইমনক আমনি কৰি আছে সেই ওচৰৰ মানুহ ঘৰলৈ যাব লাগে বুলি, সিও সিহঁতে আমনি কৰা দেখি যাবলৈ ওলাল। মামীয়েকে সিহঁতক যাবলৈ দি কাম কৰিবলৈ বুলি সাজু হ'ল।। ইমনে তালৈ যোৱাৰ পৰা প্ৰথম ওলাই যাব লৈছে, এটা উদ্দিগ্নতা ৰ পোকে তাক কামুৰি আছে। ভাইটি দুয়োটাই তাক টানি টানি লৈ গ'ল। সেই দাদায়েকৰ ঘৰ পাই সিহঁতে চিঞৰিব ধৰিলে “ অ' দাদা,আছা নে ঘৰত? আজি আলহী এজন লৈ আহিছোঁ।” ভিতৰৰ পৰা মাত লগালে “অ'হ লৈ আহা,,আমি আছোঁ।” ইমনৰ অলপ লাজ লাজ ধৰণৰ অনুভৱ হ'ল। যেতিয়া ভিতৰলৈ গ'ল তেতিয়া দেখিলে দুয়োজন ককাই-ভাই পেট পেলাই বিচনাত পৰি আছে হাতত মোবাইল, দুয়োজনে তাক উঠি গৈ আদৰি বহিব দিলে,কিন্তু আদৰৰ পাছত লুকাই আছিল কিছুমান দুষ্টালি যিটো ইমনে দেখোতেই গম পাইছিল। সিহঁতে তাক বহিব দি সৰু ভাইটিটোক বাহিৰলৈ নি সুধিবলৈ ধৰিলে “এইটো কৰ ল'ৰা,পৰিয়ালৰ নেকি?” সি ক'লে “ আমাৰ পেহীৰ লৰা গৰম বন্ধত ফুৰিব আহিছে,আজি এনেই ঘৰত আছিল আমি বোলো ইয়ালৈ লৈ আহো।” তাৰ পৰা আকৌ দুয়োটা ভিতৰলৈ গ'ল।  তাৰ পৰা ডাঙৰ কেইটাই মনে মনে পাতিলে “ ঐ ই আমাৰ মইনা ভাইটিহঁতৰ পেহীয়েকৰ পুতেক,ফুৰিব আহিছে ইয়াত। আমি কিবা এটা খুৱাব লাগিছিল ইয়াক নতুন আলহী।” এতিয়ালৈকে সিহঁতে ইমনক লৈ ভালদৰেই ভাবি আছিল। ইমনক সিহঁতে ভুজীয়া চানা আদি কৰি মৰ্তনৰ সৈতে এখন প্লেটত উলিয়াই তাক খাবলৈ বুলি দিলে। সেই সময়তে সিহঁতে এইবোৰ দি ইমনক আদৰি থাকোঁতেই সিহঁতৰ মাক আহি পালেহি,আৰু ক'বলৈ ধৰিলে “ক'ৰ ল'ৰা এইটো? কিয় যি টি খাব দিছা?” তেতিয়া ডাঙৰ কেইটাই কলে “ এইয়া আমাৰ মইনা ভাইটিহঁতৰ পেহীয়েকৰ পুতেক আমাৰ ইয়াত ফুৰিব আহিছে।” মাকে কলে “ অঃ ভাল কথা,ভাল লাগিলে দেখি,তোমাৰ নাম কি বেটা?” ইমনে কলে “ইমন বৰা।” তাৰ পৰা মানুহজনী ভিতৰলৈ সোমাই গল আৰু ইমনে তাক যাচি দিয়া বস্তু বোৰ খাবলৈ ল'লে লগতে ভাইটি কেইটাইও খাব ল'লে। দাদায়েক কেইটাই মনে মনে পুখুৰীৰ “ল'ৰাটো ভাল,,আমি ও ভাল হৈ থাকিব লাগিব।”  ইফালে মাকে কাপোৰ খুলি আছে, দাদায়েক কেইটা ইমনৰ লগত কথা পতাত ব্যস্ত তেনেতে সৰু ভায়েকটো গৈ দাদায়েক দুটাৰ টেবুলৰ পৰা এটা দামী কলম হাতত ললে আৰু কিবা ভাবি থাকোঁতে সেইটো বাহিৰত পেলাই দিলেগৈ।। তাৰ পৰা সকলো যাব ওলাল , দাদায়েক দুটাই সিহঁতক বিদায় দিলে। তাৰ পৰা সিঁহতে ঘৰলৈ আহিল আৰু পাতিব ধৰিলে “দাদা কেইজন বৰ ভাল,বহুত মৰম কৰে।” ইমনে কলে “হয় দেই বৰ ভাল লাগিল,এতিয়া কাইলৈ দিনটোলৈ অপেক্ষা,,চিৰিয়াখানাৰ  প্ৰাণী সমূহ চাবলৈ ।।” ভাইটিকেইটাই কলে “ অঃ দাদা মুখৰ কথাই ক'লা। কাইলৈ বহুত স্ফুৰ্তি কৰিম।” মামীয়েকে গা ধুই আছিল যেতিয়া সিহঁত ঘৰ পাইছেহি। সেইকাৰণে সকলো ভৰি ধুই বহি টিভি চাই আছে।  ইফালে দাদায়েক কেইটাৰ ঘৰত সিহঁতে পঢ়িব বহিল টেবুলত,তেতিয়া দেখিলে সিহঁতৰ দামী কলমটো টেবুলত নাই,সিহঁতে বিচাৰিব ধৰিলে কিন্তু নাপালে,কাৰণ সেই সৰু ভাইটি টোৱে বাহিৰত পেলাই থৈছিল।। সিহঁতে তাত দেখা নাপায় লাহে লাহে ভাবিব ধৰিলে,আৰু ভাবিলে যে সেই মইনা ভাইটি হঁতৰ পেহীয়েকৰ পুতেক ইমনে চুৰ কৰিলে বুলি! ইফালে ইমনহঁতে সুখে শান্তিৰে আছে,খেল ধেমালি কৰি আৰু সি অনা নাই কাৰণে কোনো ভয় নাই।। কিন্তু  ইফালে সেই ডাঙৰ লৰা কেইটাই ইমনৰ ওপৰত এটা ষড়যন্ত্ৰ(দুৰভিসন্ধি) কৰিলে,,সিহঁতে এই কলম চুৰ কৰাৰ প্ৰতিশোধ লোৱাৰ কথা ভাবিলে,সিহঁতৰ মনে এইবোৰ নিম্ন স্তৰৰ চিন্তা হে কৰিব পাৰে আৰু নোৱাৰে, সিহঁতৰ দুষ্ট মনে এটা বুদ্ধি পাঙিলে। সিহঁতে আলোচনা কৰিব ধৰিলে “ইয়াক আমি অপহৰণ কৰিম আৰু আমাৰ সেই স্কুলৰ পাছফালৰ ঘৰটোত ৰাখিম ,তাত কোনো নাযায় আৰু আমাৰ কলমৰ দাম উচন কৰিম।তাক আমি চিৰিয়াখানাৰ ওচৰত অপহৰণ কৰিম তাকো ভাল ভাবেৰে নহ'লে সি গম পাই যাব,বাৰু এতিয়া ভাত খাওঁগৈ।।” এইবুলি সিহঁতে বুদ্ধি পাঙি ভাত খাব গল। ইফালে মামীয়েকে ও ভাত বাহিছে ইমন হঁতৰ বাবে,সিহঁতে ও খাব লৈছে। মোমায়েকে অফিচতেই খাব। আজি ভাতৰ টেবুলত আছিল কালিৰ মাংস একদম চপৰা দৈৰ দৰে হৈ আছিল জোলকণ,তাতে দাইল আৰু বীত ৰ চালাদ,সকলোৱে তৃপ্তি পেলাই খালে,আৰু মামীয়েকে লগে লগেই কাঁহী বাটি ধুই অতাই টিভি চোৱাত বহিল আৰু সিহঁতে ৰুমত কথা পাতিব গ'ল।সিহঁতে অনেক অন্তৰংগ বাৰ্তালাপ কৰিলে আৰু হাঁহি ধেমালি কৰি ভাগৰ লগাত শুই পৰিল। মামীয়েকে মাত বোল নুশুনা দেখি চাবলৈ অহাত দেখিলে তিনিওটা শুই আছে। তেওঁ ও কলে “শুই থাক মই ও মা(ইমনৰ মাক)লৈ ফোন এটা কৰোগৈ,মই পতাই নাই নহয় আমাৰ এও হে পাতিছিলে।” এইবুলি তেওঁ বাহিৰত বহি ফোন লগাবলৈ ধৰিলে “হেল্ল,অ শুনিছা নে? কি কৰিছা?ভাত পানী খোৱা হ'ল নে?” ইফালৰ পৰা উত্তৰ দিলে “অ নবৌ হ'ল হ'ল খোৱা বোৱা,,আমাৰ ইমনে কি কৰিছে?? উৎপাত কৰিছে নেকি? আৰু মোক পাহৰিলেই নেকি?(হাঁহি এটা মাৰি)” মামিয়েকে কলে “তোমাক কিয় পাহৰিব, সি শুই আছে,,আজি ফুৰিব গ'ল ওচৰৰ দাদা এটাৰ ঘৰলৈ মাকে ক'লে “অঃ কাইলৈ যাব নে সিহঁত? চিৰিয়াখানা”  মামিয়েকে ক'লে “যাব যাব,, তাৰ উদ্দিগ্নতাই সকলো কৈছে মোক।” এনেতে মোমায়েক আহি পালেহি,মামীয়েকে ক'লে “ অঃ হ'ব দিয়া আমাৰ এও পালেহি,বেলি ডুবিব হ'ল।”তেওঁ ফোন টো কাটি মামায়েকক হাত ভৰি ধুব দিলে আৰু গলগৈ,আৰু মামীয়েকে চাহ কৰিবলৈ গ'ল পাকঘৰলৈ। এনেতে ইমনহঁত সাৰ পাই উঠি আহি দেখিলে মোমায়েক আহি পালেহি। ইমনে কলে “ মামা পালেহি,,আজি দিনটো বৰ ভাল লাগিল দেই,ওচৰৰ দাদা দুজনৰ ঘৰলৈ গৈছিলো, বৰ আদৰ সাদৰ কৰি পঠিয়ালে। ” মোমায়েকে ক'লে “অঃ হয় নেকি? ভাল বাৰু তেন্তে,,পিছে কাইলেলৈ তৈয়াৰী কৰিলা নে?” সি আচৰিত হৈ ক'লে “কি তৈয়াৰী কৰাৰ কথা কৈছে মামা?” মোমায়েকে ক'বলৈ ধৰিলে “কাইলৈ আমি কি কি জীৱ জন্তু চিৰিয়াখানা ত দেখিম সেইবোৰৰ নামবোৰ চালানে?” সি কলে “মামা মই জানো তাত কি কি আছে !” তুমি আগতে এবাৰ আহোঁতে কৈছিলা আৰু মোৰ পাঠ্যপুথিত ও সন্নিৱিষ্ট হৈ আছেই।” মোমায়েকে হাঁহি হাঁহি উত্তৰ দিলে “অঃ হয় নেকি? ভাল ল'ৰা দেই তুমি!” তাৰ পৰা সিহঁতে চাহ খাই পঢ়িব গ'ল আৰু পুৱা সোনকালে উঠাৰ বাবে সোনকালেই ভাত পানী খাই শুই দিলে।।



     আগলৈ......

Post a Comment

Previous Post Next Post