বেয়া অভ্যাসবোৰ ত্যাগ কৰক

©Admin
0
এডাল পেঞ্চিল যদি আমাক  ভাঙিবলৈ দিয়া হয় তেতিয়া আমি অতি সহজেই সেই পেঞ্চিল ডাল ভাঙি পেলাব পাৰিম। আৰু যদি আমাক দুডাল ভাঙিবলৈ কোৱা হয় । তেতিয়াও সোনকালেই ভাঙিব  পাৰিম। কিন্তু যেতিয়া তিনিডাল বা পাঁচডাল পেঞ্চিল  ভাঙিবলৈ কোৱা হয় । তেতিয়া আমাৰ বাবে অলপ কঠিন হ'ব। আমি আগতে যেনেকৈ দুডাল অতি সহজেই ভাঙিব পাৰিছিলো। ঠিক তেনেদৰে আমি পাঁচডাল পেঞ্চিল  সহজেই ভাঙিব নোৱাৰো। আৰু এনেদৰেই আমাৰ লাহে লাহে বেয়া অভ্যাস কিছুমান গঢ় লৈ উঠে। যদি আমি এদিন ৰাতিপুৱা দেৰিকৈ উঠো । তেতিয়া আমি আকৌ পাছদিনাখন দেৰিকৈ উঠা আৰম্ভ কৰো। আৰু এই অভ্যাস টো আমাৰ বেয়া অভ্যাসলৈ লাহে লাহে ৰূপান্তৰিত হয়। এই অভ্যাস যদি বছৰ বছৰ ধৰি কৰি আহিছো। তেতিয়া সেই এডাল পেঞ্চিলৰ ঠাইত পেঞ্চিলৰ এটা  মোঠা হৈ যায় । যেনেদৰে এডাল পেঞ্চিল এবাৰত ভাঙিব পাৰো। তেনেদৰে  আমি পেঞ্চিলৰ মোঠা এবাৰতে  ভাঙিব নোৱাৰো ভঙাটো সম্ভৱ হ'ব কিন্তু আমাৰ বাবে বৰ কঠিন কাম হ'ব।  সেইকাৰণে আমি প্ৰত্যকদিনে এডাল এডালকৈ পেঞ্চিল ভাঙিব লাগিব। তেতিয়া হে আমি পেঞ্চিলৰ মোঠা ভাঙি শেষ কৰিব পাৰিম । ঠিক তেনেদৰে আমি প্ৰত্যকদিনে এটা এটাকৈ বেয়া  অভ্যাসবোৰক ত্যাগ কৰিব  লাগে।
             
✍🏻 সংযুক্তা দত্ত।    
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)