কবিতাৰ ৰাগি-বন্দিতা বৰা

©Admin
0
কবি মই কোনো কালেই নহয়,
তথাপিও কবিতাৰ এই ৰাগী বৰ পুৰণি ।
কবিতাৰ কাননত নিতৌ শব্দৰ মেলা ,
তাৰে দুপাহিৰে মইও গুঠো কবিতাৰ মালা ।
অনুভৱ বোৰ বৰ অভিমানী..
কবিতাত ৰং সানিবলৈ নিতৌ অনুৰাগী ।
লিখো নিলিখোৰ দোমোজাত মইও লিখিলোঁ এটি কবিতা...
শিৰোনাম বিহীন ছন্দ বিহীন এটি কবিতা ,
এইটো মোৰ কবিতা !
অনুভৱৰ এটি অবুজ ভাবনা ..
কবি মই নহয় ,তথাপিও কবিতা মোৰ প্ৰাণ ।....

✍️বন্দিতা বৰা
যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)