বাদ্য যন্ত্ৰ: বিহু ঢোল অসমীয়া লোকৰ দেৱবাদ্য~প্ৰবন্ধ-চিন্ময় ডেকা

©Admin
0
ঢোল অসমৰ জনসংস্কৃতিৰ এবিধ গুৰুত্বপূৰ্ণ বাদ্য যন্ত্ৰ। অসমৰ প্ৰায় সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। বিশেষকৈ অসমৰ বিভিন্ন ঠাইত ভিন-ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্ট্যগত ঢোলৰ বাদন প্ৰণালী আছে। ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য কৰে। যেনে ধৰক চেওঁ ,তাল ,বাদি , ৰাগ ইত্যাদি ।
“ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে
বহি বৈ আছিলো তাঁত;
টোপোলাৰ সেন্দুৰ টোপোলাত থাকিলে
খাবলৈ নহ’লে ভাত।”
     বিহুগীতত ব্যৱহাৰ হোৱা অতি প্ৰয়োজনীয় বাদ্য হ’ল ঢোল। ঢোলৰ তালি অৰ্থাৎ বাওঁ হাতেৰে বজোৱা ফাল আনহাতে, কোবনী অৰ্থাৎ সোঁহাতেৰে বজোৱা ফাল। উল্লেখ্য ভাৱে আম, কঁঠাল, গমাৰি আদি গছৰ পৰা ঢোলৰ খোলাটো সজা হয় আৰু দুয়োটা মূৰ চামৰাৰে সজোৱা হয়। এইক্ষেত্ৰত দমৰা বা চেউৰী গৰুৰ ছাল ঢোলৰ বাবে উত্তম। ঢোলটো কান্ধত ওলোমাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ৰচীডালক কান্ধজৰী বা ঢোলজৰী বুলি কোৱা হয়। লগতে বিহুঢোলৰ মাৰিডাল ৮/১০ ইঞ্চিমান দীঘলকৈ জাতি বাঁহৰ গুৰিৰ পৰা চাঁচি উলিওৱা হয়, এইডালৰ নাম মাহিতা বুলি কোৱা হয়। বিহুঢোল দীঘলে ৪৫ চে:মি: আৰু ব্যাস প্ৰায় ৩০ চে:মি: বা তাতকৈ অলপ বেছি হʼব পাৰে। ঢোলৰ কোবনীৰ ছালখন জাতি বাঁহৰ এটা বাও সাজি তাত টানকৈ ছালখন মেৰিয়াই খোলাটোৰ মুখত লগোৱা হয় আৰু তালি ফালৰ ছালখনৰ লগত মজবুত ৰচিৰে (বুঢ়া গৰু ছালৰ ডাঠ ৰচী) কোবনী ফালৰ ছালখনৰ লগত টনা টনি কৰি টানকৈ বান্ধি প্ৰস্তুত কৰা হয়।
    বিহু অসমীয়া সংস্কৃতিৰ প্ৰাণ। বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহুৰ আবেগিক সম্পৰ্কক অসমীয়াই জীৱন থাকে মানে কেতিয়াও পাহৰিব নোৱাৰে। এককথাত ৰঙালী বিহুৰ আটাইতকৈ আকৰ্ষণীয় উপাদান হ’ল বিহুগীত। এই বিহুগীত অসমীয়া লোকসাহিত্যৰ এটি অমূল্য সম্পদ। ইয়াৰ বুকুত লুকাই আছে অসমীয়াৰ প্ৰাণৰ স্পন্দন, অসমীয়াৰ জীৱন বুৰঞ্জী, ইতিহাস আৰু সমাজৰ বাস্তৱিক প্ৰতিচ্ছবি। ব'হাগত ঢোল, পেঁপাৰ মাত শুনিলে এতিয়াও অসমীয়াৰ গা ৰাই-জাই কৰে। আনন্দত আত্মহাৰা হৈ পৰে। লগতে বিহুগীত গাওঁতে অথবা বিহুনৃত্য কৰোতে বিভিন্ন বাদ্য-যন্ত্ৰ সংগত কৰি বিহু নৃত্য প্ৰদৰ্শন কৰা হয়।
 “ম’হৰ শিঙৰ পেঁপাটি নবজাবা ককাইটি
মোৰে মন উৰুঙা কৰে;
পেঁপাৰ মাতে শুনি ৰ’ব মই নোৱাৰোঁ
হাতৰ বনে সৰি পৰে।”
     অসমৰ বিভিন্ন লোকবাদ্যসমূহৰ ভিতৰত অতিকে পুৰণি বাদ্যটোৱেই হ'ল ঢোল। ঢোলক বাদ দি অসমীয়া বিহুটিৰ কথা ভাবিবই পৰা নাযায়। অসমীয়া সংস্কৃতি, অসমীয়া জন-জীৱনৰ লগত ঢোল ওতঃপ্ৰোতভাৱে জড়িত। বিশেষকৈ ঢোল বজোৱাৰ কেইবাটাও পৃথক শৈলী আছে, যেনে- বিহুঢোল, ওজাঢোল, জয়ঢোল, ঢেপাঢোল, মাদল ইত্যাদি। উল্লেখ্য যে ঢোলবিলাকৰ মাজত আকাৰগত পাৰ্থক্য থকাৰ দৰে বজোৱা ধৰণ লগত বোলৰ মাজত দৃষ্টান্তমূলক পাৰ্থক্য আছে। 
"আগলি বাঁহৰে লাহৰী গগনা
বহি তাঁতৰ পাটত বাওঁ;
আহে কি নাহে ঐ মোৰ ধন লাহৰী
চিৰি পাতি মঙলখন চাওঁ।”
   বিহু অনুষ্ঠানত বিহুঢোল একোজনে এটাকৈ লৈ কেইবাজন ব্যক্তিয়ে একেলগে বা সমজুৱাকৈ বিহুগীত গাই, নৃত্যৰ লগত তাল ৰাখি বজাই, কিন্তু ওজাঢোল পৰিবেশন কৰিলে একেজন ওজাই দুটা বা ততোধিক ঢোল একেলগেই বজায়। সেইহেতুকে ঢোলক এক মাংগলিক বাদ্য বুলি গণ্য কৰা হয় অসমত বিশেষকৈ অসমৰ সত্ৰসমূহৰ বিভিন্ন মাংগলিক অনুষ্ঠানত তথা পূজা মণ্ডপ সমূহত ঢোলবাদন কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আছে লোকবিশ্বাস মতে, দূৰ্গা পূজা, মনসা পূজা ইত্যাদিত । বৃহৎ অসমীয়া সংস্কৃতিৰ ঢোল হ'ল এটি প্ৰধান অংগ। ঢোল নহ'লে প্ৰকৃত অসমীয়াৰ বিয়াঘৰখনো উৰুঙা পৰিস্থিতিয়ে বিৰাজ কৰে। এককথাত বিহুতলীতেই যদি ঢোলটি নাথাকে সেইখন কেনেকুৱা বিহুতলী হ'ব? আপুনি নিজক প্ৰশ্ন কৰকচোন! তদ্ৰুপ; বিহু ঢোল আমাৰ প্ৰাণৰ আবেগৰ অসমীয়া সাহিত্যৰ সংস্কৃতিত অপৰিহাৰ্য্য উল্লেখনীয় দেৱবাদ্য হিচাপে সমগ্ৰ বিশ্বতে পৰিগণিত।

✍️চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)