ঘৰখনৰ অভাৱ অনাটনে জুৰুলা কৰা ৰেবতিয়ে এদিন ওলাই গৈছিল কাম বিচাৰি।বহুত ভাগৰ লাগি এঘৰত পানী খাবলৈ সোমাই দেখিলে এজন বৃদ্ধ লোক। তেওঁ বিচাৰি আছিল এগৰাকী কাম কৰা মহিলা। বৃদ্ধজনে তাইৰ অভাৱৰ কথা শুনাৰ পিছত তেওঁৰ ঘৰত কাম কৰা মানুহ হিচাপে থাকিলে ভাল পাম বুলি ক'লে। বহুদিন বৃদ্ধ লোকজনক সহায় কৰা মহিলা গৰাকী অতি আত্মীয় হৈ পৰিল।সকলো সময়তে সেৱা শুশ্ৰূষা কৰি তাইৰ কোনো ভাগৰ নালাগিছিল।মুখত ভাত মুঠিৰ লগতে নিৰাপত্তাও অনুভৱ কৰিছিল।এদিন বৃদ্ধজনৰ মৃত্যু হ'ল।ঘৰৰ সম্পূৰ্ণ চাবিকাঠি তাইৰ হাততেই থাকি গ'ল।কাক দিব কি কৰিব চিন্তা কৰি থাকোতেই বিদেশৰ পৰা মাজে মাজে খবৰ কৰা পুত্ৰই ক'লে - "মই যাবলৈ চেষ্টা কৰি আছো।সময় উলিয়াই যাম। তাৰ আগতে ঘৰৰ চাবি কাঠি কাকো নিদিবা।"এনেকুৱা পৰিস্থিতিৰ মাজতে ৰেবতিয়ে দেখিবলৈ পালে ওচৰ চুবুৰীয়া আৰু বন্ধু বৰ্গৰ খবৰ কৰাৰ সীমা নাই।পত্নী বিহীন বৃদ্ধজনক কেতিয়াও খবৰ নকৰা মানুহৰ মুখ দেখি তাই আচৰিত হ'ল। মৃত্যুৰ আগতে দেউতাক সদায় অকলশৰীয়াই দেখিছিলোঁ আজিচোন দেউতাৰ কাষত ইমান মানুহ।
✍️কানন বৰুৱা
ডিব্ৰুগড়(চিৰিং চাপৰি)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ