এজনী পিতৃহাৰা কন্যাৰ কথাৰে | মোহাইমিনুৰ ৰহমান

প্ৰচেষ্টাৰ নাছিল অন্ত
দুখ যন্ত্ৰনাৰ মাজতো
আশাবোৰ এন্ধাৰ হৈ অহাৰ পিছতো
সপোন দেখিছিল তাই
ঘৰখনক মৰমৰ বান্ধোনৰে আৱৰি ৰখা
দেউতাকৰ হাঁহিটোক ন উদ্যমৰে
উভতাই আনিম বুলি। 

সৰ্বোচ্চ ত্যাগ কৰিওঁ
মাথোঁ ভগৱানৰ চৰণত ভিক্ষা মাগিছিল
ম্লান হবলৈ ধৰা দেউতাকৰ হাঁহিটোক
উভতাই আনি মৃত্যু জয় কৰিম বুলি। 

সপোনবোৰ বন্ধকত দিছিল
নতুনকৈ শিৰত সেন্দুৰ লগোৱা
সুখবোৰো মোহাৰি পেলাইছিল
হাস্পতালৰ বিছনাত কাতৰ যন্ত্ৰণাত 
চটফটাই থকা দেউতাকৰ হাঁহিটোক
জীপাল কৰি ৰাখিব বুলি। 

কেনেকৈ পাহৰে তাই সেই সময়বোৰ
মাতৃহাৰা হোৱাৰ পিছত
ঘৰখনত যেতিয়া ক'লা ডাৱৰে
বজ্ৰপাত হৈ ভুমুকি মাৰিছিল
তেতিয়া অলেখ যন্ত্ৰনা বুকুত বান্ধিও
পিতৃত্বৰ লগতে মাতৃত্বৰ উমেৰে
ঘৰখনক সূৰ্যৰ পোহৰৰে 
পোহৰাই পেলাইছিল।
মৰমৰ বীজ সিঁচি
হাঁহিবলৈ পাহৰা ঘৰখনত
হাঁহিৰ কঠীয়া গজাইছিল। 

হঠাৎ হাঁহিটো ম্লান হোৱাত
ক্ষত বিক্ষত আজি তাইৰ হৃদয়ৰ দাপোণ
কিনো কৰিব তাই 
বাস্তৱকটো নোৱাৰে উপলুঙা কৰিব । 

তথাপি তাইৰ বিশ্বাস
কিজানিবা উভতি আহে
সেই আশাৰে নিজকে 
বিলীন কৰি দিয়ে এন্ধাৰৰ মাজত
এবাৰ পবিত্ৰ আত্মাৰ হাঁহিটোৰ সান্নিধ্য
মাজনী,মাজনী ঐ বুলি মাত এষাৰ পাম বুলি
কিন্তু এয়া জানো সম্ভৱ.. 

তাই নাৰী..
হৃদয়ৰ দাপোণত পবিত্ৰ আত্মাৰ
হাঁহিটোৰ প্ৰতিচ্ছবি
দুখৰ মালিতাৰে অংকন কৰি
কাৰোবাৰ হৃদয়ৰ সপোন ৰচিতা 
এতিয়া এজনী অৰ্ধাংগিনী।


⚫মোহাইমিনুৰ ৰহমান।
কেন্দ্ৰ সমন্বয়ক তথা বিশেষ শিক্ষক
আৰোহণ পুনৰসংস্থাপন কেন্দ্ৰ,পাঞ্জাবাৰী,
গুৱাহাটী-৩৭,
ফোন:৮৩৯৯০৮২৭৮৫ 

  

Post a Comment

Previous Post Next Post