নাৰী দিৱসৰ কিছু বিক্ষিপ্ত চিন্তা~প্ৰবন্ধ-মামণি বৰঠাকুৰ

আধুনিকতাৰ পৰশত যিমানেই আজিৰ নাৰী সমাজ আগবাঢ়ি গৈছে, তথাপিও ঠায়ে ঠায়ে এতিয়াও ৰক্ষণশীল মনোভাৱৰ বাবে বহু নাৰীয়ে মানসিক কষ্ট ভুগিব লগা হৈ আছে।

শিক্ষিত পৰিয়াল কিছুমানতো নাৰীক অন্ধ নিয়ম কিছুমানেৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰা দেখা যায়। বহুতে প্ৰতিবাদ কৰে, বহুতে আকৌ নিৰৱে সহি থাকে অশান্তি নহওঁক বুলি। প্ৰতিবাদ কৰা গৰাকীক আকৌ বেয়া চৰিত্ৰৰ বুলি আখ্যা দিবলৈ এক চেকেণ্ডো নালাগে সমাজৰ ভদ্ৰতাৰ মুখা পিন্ধা এচামৰ। সি লাগে নাৰীয়ে হওঁক বা পুৰুষেই হওঁক।

সততে দেখা যায় নাৰী স্বাধীনতাৰ কথা ক'বলৈ গৈ বহুতেই ল'ৰা আৰু ছোৱালীৰ মাজত ঘৰুৱা পাৰ্থক্যখিনি দেখুৱাবলৈ চেষ্টা কৰে। ল'ৰা সন্তানক ঘৰৰ কাম কৰিবলৈ নিদি ছোৱালীৰ হতুৱাই কৰাই কিছুমান কাম, যেনে আলহী আহিলে চাহ একাপ দিয়া,পানী এগিলাচ দিয়া, ইত্যাদি বিভিন্ন সৰু-সৰু কামবোৰ।
কিন্তু আজিৰ দিনত বহু পৰিয়ালত সেই নিয়ম চলি থকা নাই। ছোৱালীৰ সমানে ল'ৰা জনকো কামবোৰ কৰিবলৈ বহুতেই সৰুৰে পৰাই শিক্ষা দিয়া দেখা যায়। 

পত্নী চাকৰি বা ব্যৱসায়িক ক্ষেত্ৰত ওলাই গ'লে দিনটোলৈ স্বামীয়েও সহায় কৰে ঘৰুৱা কামত। বহু সুখী পৰিয়াল চলি আছে এনেদৰে।সেই পৰিয়ালবোৰত সম অধিকাৰ বিচাৰি চিঞৰিবলগীয়া হোৱা নাই।

নাৰীৰ অধিকাৰ আৰু সন্মান প্ৰথমে নিজৰ ঘৰখনৰ পৰাই আৰম্ভ হয়। আত্মসচেতনতাই এগৰাকী নাৰীক সকলো পৰিৱেশতে খাপ খাব পৰাকৈ সাহস দিয়ে। যিজন পুৰুষে নিজৰ পত্নীক আদৰ সন্মান দি আহিছে, তেওঁৰ প্ৰতি প্ৰেম ভালপোৱা অটুট ৰাখিছে,সেই স্বামীয়ে পৃথিৱীৰ সবাতোকৈ শ্ৰেষ্ঠ উপহাৰ দিছে তেওঁৰ পত্নীক।

হীৰা,মুকুতাইও জুখিব নোৱাৰা এই উপহাৰ সমগ্ৰ জীৱনৰ বাবে অমূল্য সম্পদ।এনে পৰিয়ালৰ সন্তানেই মাক দেউতাকৰ পৰা মৰম, ভালপোৱা, দায়িত্ববোধৰ শিক্ষা সৰুৰে পৰাই লাভ কৰে। ফলত পুত্ৰ সন্তানটিয়ে কন্যা সন্তানটিক সন্মান দিবলৈ শিকে।ডাঙৰ হৈ প্ৰতিগৰাকী নাৰীৰ প্ৰতি সন্মানীয় মনোভাৱ পোষণ কৰে।

নাৰী নহ'লে যেনেকৈ সৃষ্টি নহয়, পুৰুষ নহ'লেও সৃষ্টি অচল!
এই নাৰী, পুৰুষৰ যৌথ প্ৰচেষ্টাৰেহে এখন সুন্দৰ সমাজ আশা কৰিব পাৰোঁ ভৱিষ্যতে।

যিদৰে এলান্ধুকলীয়া নিয়ম মানি সমাজত কিছু লোক এতিয়াও আছে, তেনেকৈ নতুন দিনৰ, নতুন চিন্তাধাৰাৰ এচাম লোকো এই সমাজতে আছে।
 প্ৰকাশ নকৰিলেও কিন্তু বহুলোকে পত্নীক ভয়ো কৰে।সেই ভয় মৰমৰ ভয়। জানোচা তেওঁ দুখ পাই,মনত আঘাত পায়!

এই চিন্তাই পত্নীক সঁচা অন্তৰেৰে ভাল পোৱা পূৰুষজনক বেয়া কাম এটা কৰাৰ আগতে হাজাৰ বাৰ ভাবিবলৈ বাধ্য কৰে। কাৰণ তেওঁ জানে, তেওঁৰ প্ৰিয়তমাই সদায় তেওঁৰ ভালটোহে বিচাৰে। সেয়ে শাসন কৰে। 

সময় সাপেক্ষে এগৰাকী নাৰী স্বামীৰ বাবে কোনো কোনো সময়ত মাতৃ, বান্ধৱী, পত্নী, শিক্ষয়িত্ৰী, প্ৰেমিকা, বিভিন্ন ৰূপ ধাৰণ কৰিবলগীয়া হয়।
 স্বামী জনে যদি উপলব্ধি কৰে সেই কথা খংৰ পৰিৱৰ্তে জীৱন মধুময় হৈ পৰিব।

এজন বিখ্যাত লোকৰ সফলতাৰ আঁৰত যেনেকৈ এগৰাকী নাৰী থাকে, তেনেদৰেই এগৰাকী বিখ্যাত নাৰীৰ সফলতাৰ আঁৰতো এজন পুৰুষ থাকিব পাৰে।

যিখন ঘৰত সুন্দৰ পৰিবেশ আৰু সুন্দৰ মনৰ গৰাকী থাকে, সেই ঘৰৰ পৰাহে সমাজলৈ কিবা এটা অৱদান আহিব পাৰে। সুন্দৰ , সংস্কৃতিৱান এটি মন, আবুৰ বেশ ভূষা, এইবোৰ নিশ্চয় প্ৰয়োজন আছে, সুস্থ সমাজ এখনৰ বাবে।

মাক দেউতাকৰ মধুৰ সম্পৰ্কৰ পৰা সেই ঘৰখনৰ কন্যা সন্তানটিয়েও এদিন অন্য এখন ঘৰলৈ গৈ তেনে এটি পৰিৱেশৰ সৃষ্টি কৰি ঘৰখন প্ৰশান্তিৰে ভৰাই তুলিব পাৰে।

আহকচোন আমাৰ ঘৰখনৰ পৰাই আমি এই অভিযান আৰম্ভ কৰোঁ।
তেতিয়াহে হয়তো প্ৰতিজনী নাৰীয়ে পৃথিৱীত শান্তিৰে জীয়াই থাকিব পাৰিব।
নাৰীৰ অধিকাৰ সুৰক্ষিত হ'ব। কণমানি ছোৱালীবোৰে অকালতে নৰপিশাচৰ ধৰ্ষণৰ বলি হৈ মৃত্যু মুখত পৰিব লগা নহয়।
প্ৰতিজন পিতৃ মাতৃ যদি সচেতন হয়,প্ৰেমৰ মন্ত্ৰৰে সমাজৰ অপশক্তিসমূহ ধ্বংস কৰিব পৰা যাব নিশ্চয়।


✍️মামণি বৰঠাকুৰ 
মৰাণ,ডিব্ৰুগড়

Post a Comment

Previous Post Next Post