বাটে কোৱা সাধুটো শুনি শুনি গৈ আছো
বাটে নোযোৱা মানুহৰ সাধু,
মোৰ খোজৰ মানচিত্ৰবোৰ
বাটে নিজেই মচিছে
মই বাটত হেৰোৱাৰ উমান কোনোবাই পাই বুলি...!!
এই বাটৰ বালিত মোৰ জনম হ'ব,
আকৌ...
মোৰ তেজৰ চলনত
পোৰা পোৰা গোন্ধ..
মই মোক জুইত পুৰিছো
মানুহ হোৱাৰ হেঁপাহত..
আজিয়েই
সমজুৱাকৈ মই মোক মৃত ঘোষণা কৰিম,
কাইলৈ মোৰ দেহত মানুহৰ বুকু এখন গজিব ।
✍️ৰিংকুমনি দত্ত
যোৰহাট