তাই মাক হ'ব | নিহাল গগৈ

Rinku Rajowar
0
ভাৱি থাকিলে কথাবোৰে লানি পাতে নে ভাৱনাবোৰ নিজে এডাল লানি নিচিঙা সূতা তাই বুজি নাপায় । তাই ভাৱি থাকে সেই ফুলবোৰ কথা,ফুলত পৰি  ভুনভুনাই থকা ভোমোৰাটোৰ কথা, ৰমকজমক কৈ উৰি ফুৰা পখিলাজাকৰ কথা, মুঠৰ ওপৰত যতি নপৰা কথাবোৰে তাইক আমনি কৰে। আমনি কৰি আকৌ তাইকে সোধে তাই ভাৱিছিলে কি ? সেইটো তাইৰ বাবে এটা নিৰুত্তৰ প্ৰশ্ন। যদিও অবাস্তৱ তথাপিও তাই জিঞাৰ পিঠিত বহি আকাশত উৰিবলৈ মন কৰে। ডাৱৰৰ বুকুত মুখ গুজি চাবলৈ মন কৰে কেনেকৈনো সৰি পৰে - বৰষুণ ! বৰষুণৰ টোপালত বান্ধি দিবলৈ মন কৰে মমতাৰ সৰু সৰু বাখৰ । অসম্ভৱ নহ'লেও যে সম্ভৱ নহয় তেনে কিছু কথা ভাৱিও তাই বাউলি হৈ থাকে কাৰণ তাইৰ যে গৰ্ভত থিতাপি লৈছে হীৰাখটোৱা বাখৰৰ টুকুৰাই ।
চৰাইৰ ঠোঁটতো জিলিকে সপোন । আলোকৰ বাট দেখি সপোনে পাখি মেলে । থুপি থুপি ডাৱৰে পাখি মেলা সপোনৰ লগত লুকা-ভাকু কৰে আৰু সৰি পৰে সপোন বীজৰ এজাক প্ৰাপ্তিৰ বৰষুণ।
যেতিয়াৰ পৰাই সেই সপোন বীজে গৰ্ভত উকমুকনি তুলিছে তেতিয়াৰ পৰাই তাই ভাৱি ভাৱি বিচাৰি পোৱা নাই আচলতে তাই ভাৱিছে কি ! এয়া চাগে মাতৃত্ব সুখৰ ভাৱনা। নহ'লেনো তাই নদীখনক সুধিবলৈ যায়নে ? তুমি কেনেকৈ বৈ থাকা বুলি ! তাই নাজানে মাতৃত্বৰ সুখ কি ! নাজানে এই পৰমতৃপ্তিৰ বাবে তাই সাজু নে ! কিন্তু তাই ভালকৈয়ে জানে তাই যে মা হ'ব । 
এনেকৈয়ে তাইৰ ভাৱনাবোৰে নতুন ৰূপ লয়। সেউজীয়াৰ উশাহ লৈ নীলাভ আকাশৰ তলত ভাৱনাৰ সূতাডালে আত্ম গৌৰৱত মূৰ তুলি উঠে । তাতেই জিলিকি উঠে - মৰম, ত্যাগ, দায়িত্ববোধ, মমতাৰ এটি চিৰনতুন শব্দ 'মা' ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)