গাজনি-ঢেৰেকণিৰ গুম-গুমনিয়ে
ৰাইজক দিলে বাৰিষা অহাৰ বতৰা ,
নীলিম আকাশৰ নিলগে-নিলগে
মেঘৰ মাজত বিজুলীয়ে নাচিছে ।
অলেখ সপোন বুকুত বান্ধি
কৃষকে পথাৰ চহাইছে ,
মেঘৰ মাদলৰ শব্দৰ মাজতেই
বৰষুণৰ টোপালবোৰে
আশাৰ সঞ্চাৰ তুলিছে ,
পথাৰখনলৈ নামি আহিছে
কৃষকৰ হেঁপাহ আৰু আৱেগৰ শাওণ ।
শাওণৰ পথাৰত জিলিকে
কঠিয়াৰ শাৰী-শাৰী, মুঠি-মুঠি
কৃষকৰ নানাৰঙী
চিৰসেউজীয়া সোণোৱালী সপোন ।।
কবিৰ পৰিচয়ঃ বিশ্বজিৎ সূত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ