ফাগুনৰ পছোৱা,
প্ৰেমৰ মিঠা অনুভৱ।
পলাশৰ ৰং,
বলিয়া মন।
বসন্তৰ বতৰা কাণে কাণে,
ফাগুনৰ তেজাল ৰঙে আনে
আকাশ ধূসৰ ,
ধূসৰিত চৌদিশে
সৰাপাতৰ আচ্ছাদন।
ফাগুন মানেই আশা,
এবুকু সেউজীয়া ভালপোৱা।
নীলিম আকাশৰ তলত,
এখনি ৰঙৰ মহামেলা।
সৰাপাতে তোলে,
প্ৰেমৰ ৰাগিনী।
হৃদয়ত মেঘালী সপোনৰ
চিৰন্তন অনুভূতি।
ফাগুন মানে প্ৰাপ্তি,
ফাগুন মানে দুৰ্বাৰ মাদকতা।
✍️সীতা দেৱী
বিহপুৰীয়া,লখিমপুৰ