মনলৈ আহে | প্ৰদীপ দাস ঠাকুৰ

Rinku Rajowar
0
আমি এতিয়া যি পৰ্য্যায়ত উপনীত হৈছোঁ এয়া হয়তো আৰু অলপ ভাল হ'ব পাৰিলেহেঁতেন। আমাৰ কথাৰ অৰ্থ হ'ল আমি যদি শিক্ষাৰ কথাই কওঁ৷ শিক্ষাৰ ক্ষেত্ৰত তাহানিতে যদি আৰু অলপ মনোযোগেৰে পঢ়িলোহেঁতেন আজি হয়তো আমাৰ জীৱন যাপনৰ ধৰণ উন্নত মানদণ্ডৰ হ'লহেঁতেন। হয়তো নহ'লেহেঁতেন! যিয়ে নহওক এতিয়াৰ পৰ্যায়ত থাকিও আমাৰ জীৱন চলি যাব। আৰু বিৰামহীন কৈ চলি থাকিব। এইখিনিতে আমাৰ পঢ়াশালিৰ কথা মনলৈ আহিছে। আমাৰ ঘৰৰ পৰা আমাৰ এল.পি স্কুলখনৰ দূৰত্ব পাঁচশ মিটাৰ মান হ'ব।মা-বাবাৰ পঢ়া শুনা নাছিল বাবে স্কুলত নাম লিখাই দিওঁতে বয়সৰ তুলনাত অলপ বেছি হৈছিল। এদিন বৰদেউতাৰ ল’ৰা আৰু মোৰ দাদাই মোক স্কুললৈ লৈ গৈছিল আৰু মোৰ নামটো লিখাই দিছিল ৷ একেবাৰে তলৰ শ্ৰেণীৰ বাবে সম্ভৱত তেতিয়া দেক্স বেঞ্চ নাছিল ৷ আমি এখন ঠৈলা( ধানৰ বস্তা ) লগত লৈ যাওঁ আৰু স্কুলত গৈ সেইখন পাৰি বহি শিক্ষকলৈ অপেক্ষা কৰোঁ৷ আমি শিক্ষকৰ ভয়ত কঁপি আছিলোঁ। শিক্ষক সকলৰ ৰূপ আছিল এনেকুৱা ভয় খাবই লাগিব ৷ উপস্থিতি- অনুপস্থিতিৰ হিচাপ ৰখা দীঘল বহীখন আৰু লগত এডাল বেত( মানে ছাত্ৰ ছাত্ৰীক কোবোৱা এডাল লাঠি) লৈ শ্ৰেণীত উপস্থিত হৈছিল৷ শিক্ষকৰ প্ৰতি ভয় আৰু শ্ৰদ্ধা আামাৰ বহুত আছিল৷ যাৰ ফলত নৈতিকতাৰ মাজত আজিও আছোঁ। সমাজত সু-খ্যাতিৰে জীয়াই থাকিবলৈ অনুশাসনমূলক পৰিস্থিতিৰ খুবেই প্ৰয়োজন৷ সেই নৈতিক শিক্ষা আমি সকলোৱে এল.পি স্কুলতে পাইছিলোঁ৷ লগতে ঘৰখন হৈছে শিক্ষাৰ আদিপাঠ৷ আৰু তাৰ শিক্ষক হৈছে মাক-দেউতাক । যি শিক্ষা আমাৰ আৰম্ভ হয় 
কেঁচুৱা অৱস্থাৰ পৰা ৷ মা-দেউতাৰ হাতত ধৰি এদিন আমি খোজকাঢ়িবলৈ শিকোঁ। লাহে লাহে কথা ক'বলৈ । মা-দেউতা, দাদা, খুড়া-খুড়ী, ককা-আাইতাকে আদি কৰি সকলো সম্বন্ধ। তাৰপিছত আৰম্ভ হয় পঢ়াশালিৰ শিক্ষা। য’ত কৰা হয় জীৱন গঢ়াৰ আখৰা৷ বৃত্তিমুখী শিক্ষা৷ সেই শিক্ষা জীৱনৰ কথাই আজিও আমাক শিহৰিত কৰে ৷


লেখকৰ পৰিচয়                
প্ৰদীপ দাস ঠাকুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)