গামোচাৰ বিষয়ে জানো আহক

অসমীয়া সমাজত বহুল ব্যৱহৃত এবিধ বস্ত্ৰ তথা অসমীয়া সংস্কৃতিৰ অন্যতম পৰিচায়ক । গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ ৷ সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূঁতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ ৷ কপাহী সূঁতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূঁতাৰেও ইয়াক তৈয়াৰ কৰা হয় ৷ গামোচা বুলিলে আমি সাধাৰণতে গা ধুই পানী টোকা সৰু কাপোৰখনকে বুজো যদিও অসমৰ জনজীৱনত ইয়াৰ ব্যৱহাৰৰ পৰিসৰ গভীৰ আৰু ব্যাপক । অসমীয়া সমাজত বিভিন্ন ক্ষেত্ৰত গামোচাৰ ব্যৱহাৰ হোৱা দেখা যায় ৷ এক কথাত অসমীয়া সমাজ-সংস্কৃতি, আচাৰ-নীতি সকলো ক্ষেত্ৰতে গামোচাৰ বিশেষ অৱদান আছে ৷ বিহুৱা ডেকাৰ মূৰত গামোচাখন থাকিবই, কঁকালতো গামোচা এখনেৰেই টঙালি বান্ধি লয় । সেইদৰে অসমৰ ঘাইকৈ গ্ৰামাঞ্চলৰ মানুহে কাম-কাজ কৰোতে গামোচা এখনকে মেৰাই লয় । মানীজনক সন্মান জনাবলৈকো গামোচা অপৰিহার্য । সেইদৰে পূজা-সেৱাৰ সময়ত বা নামঘৰলৈ যাওঁতে গামোচাখন ডিঙিত মেৰিয়াই যোৱাটো অসমৰ এক সামাজিক পৰম্পৰা । নামঘৰৰ গুৰুৰ আসন বা সত্ৰৰ সিংহাসনতো গামোচা শ্ৰদ্ধা-ভক্তিৰ চিনস্বৰুপে প্ৰদান কৰা হয় । বিহুৱান হিচাপেও অসমীয়া সমাজত গামোচাৰ বিশেষ সমাদৰ আছে । গামোচাৰ দীঘৰ দুইফালে পাৰি আৰু পথালিয়ে পাৰি নাইবা ফুল থাকে । ফুলাম গামোচাখনৰ মান পাৰি দিয়াখনতকৈ বেছি । সাধাৰণতে দৈনন্দিন তিয়নী হিচাপে ব্যৱহাৰ কৰা গামোচাখনত পাৰি থাকিলেও সন্মান জনাবলৈ ব্যৱহাৰ কৰা গামোচাখনত ফুল থাকে । গোসাঁইৰ সিংহাসনত দিয়া গামোচাখনত বহুতে ভগৱানৰ নাম বা চিত্ৰও আঁচুৰে (কাপোৰৰ আঁচলত ফুল তুলিবলৈ ৰং দিয়া সূতা) বাছি দিয়ে । নামনি অসমত গামোচাক "গাম্চা", "মুক্চা" বা "দুহেইটা" আদি নামেৰেও জনা যায় ।

গামোচাৰ নাম আৰু উৎপত্তি সম্পৰ্কে কোনো ঐতিহাসিক সমল পোৱা নাযায় ৷ সাহিত্যিকভাৱে ইয়াৰ অৰ্থ হৈছে কোনো বস্ত্ৰৰে শৰীৰ মচা কাৰ্য ৷ গা মানে শৰীৰ + মচা = গামোচা মানে গা মচা ডোখৰীয়া কাপোৰ ৷ গতিকে অসমীয়া সংস্কৃতিত গা-মচা বস্ত্ৰখক গামোচা হিচাপে নামকৰণ কৰা হৈছে ৷ এইটো নিশ্চিত যে ভাৰতৰ আন ঠাইৰ পৰা অসমলৈ গামোচা অহা নাছিল বা ভাৰতৰ আন ঠাইত গামোচাৰ ব্যৱহাৰ হোৱা দেখা নাযায় ৷ বৰ্তমান থাইলেণ্ডত গামোচাৰ দৰে এখন বস্ত্ৰ ব্যৱহাৰ কৰাৰ কথা জনা যায় ৷ অসম বুৰঞ্জীত গামোচা সম্পৰ্কে দুই এটা কথা লিখা আছে ৷ ইতিহাসবিদ ড° লীলা গগৈৰ মতে আহোম সাম্ৰাজ্যৰ পৰাই অসমত গামোচাৰ প্ৰচলন আছে ৷ আনকি মহাপুৰুষ শংকৰদেৱৰ সময়তো গামোচাৰ প্ৰচলন হোৱাৰ কথা জনা যায় ৷

গামোচা সাধাৰণতে তিনিপ্ৰকাৰৰ : 
১। পানী গামোচা, 
২। তামোল গামোচা আৰু 
৩। বিহুৱান । 

ফুল নথকা গামোচাক পানী গামোচা, সৰু ফুলৰ গামোচাক তামোল গামোচা আৰু চেনাইলৈ বুলি বোৱা ডাঙৰ ফুলৰ গামোচাক বিহুৱান বুলি কোৱা হয় ।

নামনি অসমত প্ৰচলিত গামোচাৰ আন এটা ৰূপ হ'ল আনাকাটা গামোচা । আনকাটা মানে হৈছে যিখন গামোচা কাটি উলিওৱা নহয় । অৰ্থাৎ তাঁতশালত বৈ উঠাৰ পিছত দুখন গামোচা পৃথক কৰিবলৈ কেচিঁ বা ব্লেড বা কটাৰি ব্যবহাৰ নকৰি হাতেৰে সুতাবিলাক চিঙি নাইবা শিলত থেতেলিয়াই উলিওৱা গামোচা । ইয়াক সাধাৰণতে বিয়া আদিত ব্যৱহাৰ কৰা হয় ।

[সংগ্ৰহ]

Post a Comment

Previous Post Next Post