জীয়াই থাকিব নে মানৱ সত্তা ?

©Admin
0
আধুনিকতাৰ মেৰপাকত আবদ্ধ ,
সাৰ্বজনীন শ্বাশ্বত প্ৰাণস্পন্দন ।
অচিনাকি পথত হেৰাই গ'ল ,
এচাটি কোমল বতাহত সিঁচৰিত হোৱা , সুগন্ধি ফুলৰ সুবাস ।
কেঁচা তেজৰ চেঁকুৰা আৰু যান্ত্ৰিকতাৰ প্ৰদূষণত ধূসৰিত ,
মুক্ত আকাশৰ ৰামধেনু স্বপ্ন ।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চমৎকাৰত ,
হৃদয়ৰ ৰঙাত বিধ্বস্ত সপোন ।
মেঘাচ্ছন্ন নীলাকাশ ,
জৈৱ বৈচিত্ৰ্যলৈ চূড়ান্ত ভাবুকি ।
গছজোপা উদং , মৰহা শুকান পাত 
স্বৰ্ণীল সেউজী ধৰাৰ বিষণ্ণতাৰ বোজা ।
তয়াময়া ৰণ এখনৰ প্ৰস্তুতি ,
আতংকিত মোৰ গৌৰৱোজ্বল ঐতিহ্য ,
মোৰ অতীত সভ্যতাৰ ইতিহাস ।
ঘনে ঘনে কম্পমান ,
মোৰ মমতাময়ী মাতৃৰ আত্মা ।
প্ৰশ্ন হয় , জীয়াই থাকিব নে
পৰিবৰ্তনশীল মানৱ সত্তা ?

 কবিৰ পৰিচয়ঃ
 সীতা দেৱী, বিহপুৰীয়া,
 লখিমপুৰ, অসম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)