প্রেমবোৰ বিলাই দিবা

©Admin
0
মই মাথোঁ প্রেম দিব জানো
হিয়া উজাৰি 
প্রেম কেৱল প্ৰেম ,
প্রেমৰ বিনিময়ত প্রেম ? 
নাই , নালাগে এতিয়া
মোক আৰু নালাগে ।

পাৰিলে সেই প্রেমবোৰ... 
প্রেমবোৰ বিলাই দিবা কাৰোবাক
কাক ? 

এই চহৰৰ অলিয়ে গলিয়ে
পৰি থকা শিশুজাকক
নতুবা , মানুহে 
পাগলী বুলি কোৱা
মলিয়ন কাপোৰেৰে
শৰীৰটো লুকুৱাই ৰখা
সেই ছোৱালীজনীক.. 
(তাইও হেনো কাৰোবাৰ প্রেমিকাই আছিল
প্রেমত প্রতাৰণা খালে
শৰীৰটোক হেনো আকৌ কোনোবা
হিংস্র মানৱে চোবালে
মানৱ ?
মানৱ নহয় দানৱ..) 

প্রেমবোৰ বিলাই দিবা
সকলোকে...
মানুহবোৰ জী থকা যেন লাগিলেও
মৃত্যু কেতিয়াবাই হৈছে... 
(মৃত্যুৰ আগতেই মৃত
বাকীবোৰ অভিনয়) 

প্রেমবোৰ বিলাই দিবা
ৰাস্তা পাৰ হওঁতে
হাত এখন বিচাৰি
হাহাকাৰ কৰা গৰাকীক
বয়সে আৱৰি ধৰা
চকুবোৰ সোমাই যোৱা
সেই বৃদ্ধাগৰাকীক
(সৰুকালত পুতেকে ঠেহ পাতোঁতে
হেনো তেওঁ কোলাত ল'লে.. 
বৃদ্ধকালত সৰু ল'ৰাৰ দৰে
মাকৰ ঠেহ লাগোতে
হেনো সি বৃদ্ধাশ্রমত থ'লে! ) 

প্রেমবোৰ বিলাই দিবা
মই যিমান লাগে সিমান দিম
হিয়া উজাৰি উজাৰি দিম
তুমি মাথোঁ প্রেমবোৰ বিলাই দিবা
প্রেমবোৰ বিলাই যাবা...

                 
 ✍️দেৱাৰ্শীষ হাজৰিকা। টীয়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)