বিভ্ৰাট | দেৱ দাস

“ ঔ মৰিলোঁ ! আস সা, ওঁহ হুঁ, কিয় মাৰিলে মোক , কিয়.....” 
     মিনিৰ চিঞৰত  ঘৰৰ বাকীবিলাক সদস্য  লাইব্ৰেৰী ৰুমলৈ ঢপলিয়াই আহিল। মিনি কান্দি কান্দি মজিয়াৰ পৰা উঠিবলৈ চেষ্টা কৰিছিল কিন্তু উঠিবহে পৰা নাছিল। মানুহজনৰ জীয়ৰী লিপিয়ে মিনিক দাঙি থিয় কৰাই দিলে কিন্তু তাই থিয়হৈ থাকিব নোৱাৰি  পুনৰ ঠপককৈ বহি দি কান্দিবলৈ ধৰিলে।   ‘ কি হ'ল? কি হ'ল ’ বুলি সোধাত তাই কলে - “বৰতাই বিনা কথাত মোক ইমান জোৰে লাট্ মাৰি দিছে ,উস্ সূ ইম্মান বিষাইছে ”  সকলোৱে  দেখিলে যে  তাই সোঁ ভৰি খন দুই হাতেৰে খামুচি ধৰি আছে।  পদুলীতে থকা ফাৰ্মাছি খনত কাম কৰা আৰু ওচৰতে ভাড়াত থকা গোবিন্দক জোৱাঁয়েকে ফোন কৰি মাতি আনিলে । চাই-চিতি সি পেইন কিলাৰ বেজী এটা দি গ'লগৈ। যাওঁতে ৰাতিপুৱা ডাক্তৰক দেখুৱাবলৈ কৈ গ'ল। শোৱালৈকে থিকেই আছিল। পুৱা ভৰিখন ফুলি বিষত থিয় হ'ব নোৱাৰা হোৱাত মিছন হস্পিটেললৈ নিলে। এক্স-ৰে কৰাত ফ্ৰেকছাৰ ওলাল।প্লাষ্টাৰ বেণ্ডেজ কৰি দৰব পাতি লৈ ঘৰ পাওঁতে দহেই বাজিছিল।গাড়ীৰ পৰাই চোতালত চিনাকি অচিনাকি  পুৰুষ মহিলাৰ জুমটো দেখি মানুহজনৰ কৌতূহল বাঢ়িল। 
  “আহিল,আহিল” গুণ-গুণনী এটা বিয়পি পৰিল। মিনিক ধৰি ধৰি গাড়ীৰ পৰা নমাই দিয়াৰ লগে লগেই ....
“ বন কৰা ছোৱালীৰ ওপৰত অত্যাচৰ নচলিব ” 
 “নচলিব , নচলিব”
.....অত্যাচাৰ বন্ধ কৰক.....
....হুছিয়াৰ.... 
.....হাঁয় হাঁয় ...
.....গ্ৰেপ্তাৰ কৰক....
.....ফাঁচি দিয়ক..
....ওৱাক থূ
...জিন্দাবাদ.. ...
....মুৰ্দাবাদ.....   
      মানুহজনে দেখিলে  ‘বনকৰা ছোৱালীৰ সুৰক্ষা সমিতি’  ‘বিপ্লবী নাৰী বাহিনী’ ‘সংগ্ৰামী নাৰী পৰিষদ’ ‘আমিও মানুহ’ আদি সংগঠনৰ নামাংকিত ফেষ্টুন প্লে-কাৰ্ড লৈ কেইবাটাও গোটে ধৰ্ণা আৰম্ভ কৰিছে। টিভি চেনেল,পৰ্টেলৰ  কেমেৰাই ফটো তোলা আৰু ভিডিঅ' কৰাত ব্যস্ত হৈছে। দুজনে মিনিক একাষৰীয়াকৈ নি সাক্ষাৎকাৰ লৈছে। তাইয়ো চুলি খিনি ঠিক কৰিলৈ কিবা উত্তৰ দিছে। পুলিচ আহিল। শইকীয়াই কিবা কবলৈ , বুজাবলৈ চেষ্টা কৰিছিল,কামত  নাহিল। যি ক'ব লগা আছে থানাত আৰু কৰ্টত ক'ব বুলি গাড়ীলৈ টানিছিল। কেইজনমান লোকৰ মধ্যস্থতাত যেনিবা থানালৈ মাতি থৈ গুছি গৈছিল নহ'লে প্ৰাক্তন মেনেজাৰ আৰু পঞ্চায়ত সভাপতিৰ সন্মানো গৈছিলেই। হুইল চেয়াৰ এখনত বহুৱাই মিনিক আগত লৈ সমদল কৰি মানুহ বোৰ আঁতৰি গৈছিল। ইমান কম সময়ৰ ভিতৰতে ইমানবোৰ আয়োজন কোনে কেনেকৈ কৰিলে সেইটোহে সাঁথৰ হৈ ৰʼল।
******************
      নাটক আৰু ফুটবল বুলিলে ভাত খবলৈ পাহৰা পগলাটো, নাটকৰ ‘প্ৰমটাৰ’ আৰু বলখেলত ‘জে পি’ নমেৰে পৰিচিত জ্যোতি প্ৰসাদ শইকীয়া   ত্ৰিছ বছৰে সহকাৰী মেনেজাৰ ,ব্ৰাঞ্চ মেনেজাৰ আৰু শেষত ভাৰতীয় ষ্টেট বেংকৰ চীফ মেনেজাৰ হৈছিল।  মানুহ জনে এৰিলেও নাটক আৰু ফুটবলে তেওঁক এৰা নাছিল। অত্যন্ত ব্যস্ততাৰ বেংকৰ চাকৰি কৰিও ফুটবল খেলি আৰু নাটক কৰি যাব লগা হৈছিল।দেহাই নটনাত এতিয়া অৱশ্যে  কেৱল নিচাটোহে আছেগৈ।সন্ধিয়াৰ পৰা টিভিৰ বাতৰি আৰু ফুটবলেই সঙ্গী। পʼল ফিল্ড,হজৰা ফিল্ড শ্বহীদ বাকৰি আদিত  ফুটবল খেলা থাকিলে, বান থিয়েটাৰত নাটক বা ক'ৰবাত থিয়েটাৰ আহিলে সকলো এৰি আগতেই হাজিৰ হয়গৈ। আজি কালি কোনো এটা টিম বেয়াকৈ হাৰি গলে দুখ পায়।  প্ৰথমে সমৰ্থন দি থকা টিমটো বেচি গʼলত আগুৱাই গলে দুৰ্বল টিমটোক নতুনকৈ সমৰ্থন দিয়ে। ড্ৰʼ হলে ভাল পায়।
      চুগাৰ, প্ৰেছাৰ আৰু কিডণী ৰোগত বেয়াকৈ আক্ৰান্ত অতি মৰমৰ পত্নী গৰাকীৰ চিকিৎসা কৰি আৰু  কেইদিনমান অন্ততঃ মাতষাৰৰ বাবেই জীয়াই ৰাখিবলৈকে স্বেচ্ছামূলক অৱসৰ লৈ, পৰিচৰ্যা এনেকৈ কৰিছিল যে দিনটোৰ ভিতৰত জুখি জুখি পাঁচ গ্ৰামকৈ নিমখ খোৱাওঁতে খোৱাওঁতে আজি কালি তেওঁ ভাজি তৰকাৰীত নিমখ নিদিলেও খাব পাৰে। তথাপিও বচাবহে নোৱাৰিলে।সপোনতে দেখা পাবলৈ বা কথা এষাৰ পাতিবলৈও ৰাতি টোপনি নহাৰ বাবে ৯ বজাত ৰাতিৰ আহাৰৰ আগে আগে দুপেগ মদ খোৱাৰ অভ্যাস হ'ল।
      অকালতে একমাত্ৰ পুত্ৰকো হেৰুৱালে। নাতিটোক বুকুত লৈ কম বয়সীয়া বোৱাৰী জনীক এজন বিপত্নীক লোকলৈ সাহসেৰে বিয়া দিলে। নিজৰ ঘৰ ভাৰালৈ দিয়াই একমাত্ৰ জী জোৱাঁইক চপাই আনি তেওঁৰ ঘৰতে ৰাখিছে।
  ***** ****
কালি মেক্সিকো আৰু স্পেইনৰ খেল আছিল। তেওঁ স্পেইনৰ ফলীয়া।স্পেইন ২-০ গʼলত আগুৱাই আছে। মেক্সিকোলৈ দৰদ লাগিল,  যেন খেলিহে দিব। ২-১ হ'ল। ২-২ হ'ল।মনটো ভাল লাগি গৈছে ।পেগ এটা বাকী এঘোঁট মাৰিলে ।৩ -২ ত মেক্সিকো আগুৱাই গ'ল ।৪-২ ত মেক্সিকো আগুৱালে।আকৌ স্পেইনৰ ফলীয়া হৈছে।.... স্পেইনৰ দহ নম্বৰৰ জনে গʼললৈ বল নিছে...... মেক্সিকোৰ ডিফেণ্ডাৰ এজনে বাধা দিছে....শ্বট ল'ব পাৰে..লোৱা নাই  কিয়?.....শ্বট... গিৰিং....ধপহ....ঔ মৰিলোঁ.......
************
শইকীয়াৰ শ্বটত ভৰি ভঙ্গ মিনিৰ হাতৰ পৰা  পকৰা আৰু বাদামৰ প্লেট খন পৰি থান বান হৈ গ'ল। 
*********
✍️দেৱ দাস।
তেজপুৰ
দূৰভাষ নং ৯৪৩৫৩৮০৯২৬.
**********

1 Comments

  1. সুন্দৰ, শেষৰ শাৰীটো খৰধৰকৈ লিখি দিলে ফুটবল চাই।

    ReplyDelete
Previous Post Next Post