ফাগুনৰ কহুৱা বন | সীতা দেৱী

Rinku Rajowar
0
ফাগুনৰ কহুৱা বন,
কমোৱা তুলাৰ মন।
আশাৰ অনাবিল প্ৰাণ,
অসমীৰ অসীম মান।
বৰদৈচিলাৰ বিহুৰ ওলগ,
আমৰ এয়া আনন্দৰ স্বৰগ।
পলাশৰ ৰঙা দলিচা,
আমাৰ উৎসাহিত কলিজা।
কল্পনাৰ মিঠা মিঠা হেঁপাহ,
জীয়াই থকাৰ অপ্ৰাণ প্ৰৱাহ।
আত্মানুসন্ধানৰ হেজাৰ যত্ন,
আত্মশুদ্ধিৰ এয়া যেন ৰত্ন।
নতুন দিগন্তৰ হেঙুলীয়া আভাত,
প্ৰস্ফুটিত সোনোৱালী প্ৰভাত।
ফাগুনৰ কহুৱা বন,
কমোৱা তুলাৰ মন।
*****""""*****""""*****

✍️ সীতা দেৱী,
বিহপুৰীয়া, লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)