কপিলীয়েদি বেলিটি ভটিয়াই যোৱা পৰত
তোমালৈ মোৰ বাৰুকৈয়ে মনত পৰে ৷
ৰ’দে আঁকা বাটেৰে পহিলা তুমি আহিবৰ বেলিকা
ন’কৈ তোলা প্ৰেমৰ ঢাপটোত থকা
নতুন শিমলু পুলিটোত
তেজৰঙা এপাহ ফুল ফুলিছিল ৷
মনত আছেনে তোমাৰ ?
পহিলা লগ পাবৰ বেলিকা যে
তুমি মোক স্পৰ্শ কৰিছিলা,
তেতিয়া যে মোৰ দেহৰ ৰক্তকণিকাবোৰ
বিজুলীগতিৰে আগুৱাইছিল জানা
তলকিবই নোৱাৰিলোঁ
তৎক্ষণাতে সিহঁতৰ মাজতনো কিহৰ হুৱাদুৱা লাগিছিল !
হয়টো তোমাৰ নিৰ্ভেজাল মৰম দেখিয়েই....
কেনে আছা নীলাঞ্জনা তুমি ?
তোমাক স্পৰ্শ নকৰা আৰু হাঁহিলে সোমোৱা
তোমাৰ সেন্দূৰীয়া দুগাল নেদেখা
আজি এটা বসন্ত পাৰ হ’বৰেই হ’ল,
প্ৰতিদিনে কপিলীয়েদি বেলিটি ভটিয়াবৰ পৰত
হাঁহাকাৰ কৰি উঠে
হৃদয়ৰ খালী কোঠাটোৱে
তোমাৰ স্পৰ্শ পাবলৈ ৷
কেনে আছা নীলাঞ্জনা তুমি,
কেনে আছা ?
✒️অসীম জ্যোতি দাস,মৰিগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ