সময় বৰ অদ্ভূত
উভতি চালে দেখা পাওঁ
মোৰ হাঁহি ধেমালিৰ দিনবোৰ
নাছিল কোনো বোজা
নাছিল কোনো চিন্তা ।
বৰ্তমান সময়ত থিয় দিলে দেখা পাওঁ
ভবিষ্যতৰ চিন্তাত মগ্ন এই জীৱন
ভৰিৰ প্ৰতিটো খোজতে তেজৰ চেকুৰা
নাই কোনো সহায় কৰিবলগীয়া
নিসংগতা এই সময় ।
ভবিষ্যতৰ সময়ত থিয় দিলে দেখা পাওঁ
কান্ধত তুলি লোৱা বোজাটো
গধুৰ হৈ গৈ আছে
ঠিকনা বিহীন এই জীৱন ।
✍️ হীৰক কলিতা