সম্পাদকীয়- ২০২২ মাৰ্চ মাহৰ সংখ্যা

Rinku Rajowar
0

বৰ জটিল এই ক্ষণ। কৰোনাৰ আতংকৰ পৰা পৃথিৱীবাসী মুক্ত হʼবলৈ নাপাওঁতেই তৃতীয় বিশ্বযুদ্ধৰ আশংকাই সমগ্ৰ জগতক ছানি ধৰিছে। ৰাজধানী কীভ, খাৰ্কিভকে ধৰি ইউক্ৰেইনৰ বহু চহৰ ৰাছিয়াৰ আক্ৰমণত বিধস্ত হৈছে। বিগত এটা সপ্তাহজুৰি চলা ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতে পৃথিৱীৰ আপেক্ষিকভাৱে দুৰ্বল ৰাষ্ট্ৰসমূহৰ বাবেও এক ভীতিগ্ৰস্ত পৰিৱেশৰ সৃষ্টি কৰিছে। পূৰ্বতেও শীতল যুদ্ধত লিপ্ত হৈ পৃথিৱীজোৰা ত্ৰাসৰ সৃষ্টি কৰোঁতা বিশ্বৰ দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ আধিপত্য বিস্তাৰৰ যুঁজত ইউক্ৰেইন জুৰুলা হৈ পৰিছে। ৰাছিয়াৰ চুবুৰীয়া তথা ১৯৯১ চন পৰ্যন্ত ৰাছিয়াৰ অংশ হিচাপে থকা ইউক্ৰেইনত ২০১৪ চনত মাৰ্কিন অনুগত এক উগ্ৰজাতীয়তাবাদী চৰকাৰক শাসনত বহুওৱা, দেশখনৰ ৰুছ ভাষা-ভাষী মানুহ অধ্যুষিত লুগানস্ক আৰু দোনেৎস্ক অঞ্চলত সামৰিক অভিযান চলাই বিচ্ছিন্নতাবাদৰ বীজ ৰোপণ কৰা, লগতে ইউক্ৰেইনক নাটোত অন্তৰ্ভুক্তিৰ বাবে চেষ্টা চলোৱা, এই সকলোবোৰ পৰিঘটনাৰ পৰাই আমেৰিকাৰ ৰাজনৈতিক তথা সামৰিক আধিপত্য বিস্তাৰৰ আকাংক্ষা স্পষ্ট হৈ পৰে। আমেৰিকাৰ লক্ষ্য হৈছে ইউক্ৰেইনক নাটোৰ অন্তৰ্ভুক্ত কৰি ৰাছিয়াৰ সীমান্তলৈকে ইয়াৰ তৎপৰতাক সম্প্ৰসাৰিত কৰা। ই ৰাছিয়াৰ নিৰাপত্তাৰ প্ৰতি এক মাৰাত্মক ভাবুকি হিচাপে দেখা দিছে। প্ৰত্যুত্তৰত ৰাছিয়াইও ইউক্ৰেইনক নিৰস্ত্ৰ কৰাৰ চেষ্টাত ভয়ংকৰ আক্ৰমণ চলাইছে।


          আমেৰিকা নেতৃত্বাধীন নাটো বাহিনীয়ে পোনপ্ৰথমবাৰৰ বাবে পিছহুহুকি যাবলৈ বাধ্য হৈছে। কোনো প্ৰতিৰোধ অবিহনে নাটো বাহিনীয়ে বিগত ৭৩ বছৰে বিশ্বত একপ্ৰকাৰৰ তাণ্ডৱ চলাই গৈছিল। ১৯৯৯ চনত ছাৰ্বিয়াৰ ওপৰত একেৰাহে বোমাবৰ্ষণ কৰি ২৫০০ গৰাকী নিৰীহ নাগৰিকক হত্যা, ২০০১ চনত আফগানিস্তান আক্ৰমণ কৰি পৰৱৰ্তী ২০ বছৰত তাৰ ৪৭,২৪৫ জন মানুহক হত্যা, লগতে ছাদ্দাম হুছেইন, গাড্ডাফিৰ দৰে ব্যক্তিত্বৰ হত্যা সকলোবোৰ নাটোৰ কু-কীৰ্তি। তথাপিও নাটোৱে আজি ৰাছিয়াক ৰুধিবলৈ সক্ষম হোৱা নাই। ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকা সহ কেবাখনো শক্তিশালী ৰাষ্ট্ৰ‌ই অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিলেওঁ ইয়াৰ কাৰ্যকৰিতা সম্পৰ্কে বিশেষজ্ঞসকলে নানা প্ৰশ্ন উত্থাপন কৰিছে। কাৰণ প্ৰাকৃতিক গেছ, তেল, বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য আদিৰ ক্ষেত্ৰত ৰাছিয়াৰ ওপৰত নাটোভূক্ত আৰু অন্যান্য ইউৰোপীয় বহু দেশ নিৰ্ভৰশীল।


          লাগিলে যি পক্ষ‌ই দোষী নহ‌ওঁক কিয়, যুদ্ধ অতি শীঘ্ৰেই বন্ধ হʼব লাগে।যুদ্ধ হৈছে নিষ্পত্তিহীন বিবাদৰ পৰিণতি, কিন্তু আলোচনাৰ মেজলৈ আহি এৰা-ধৰাৰ মাজেৰে বিবাদ মীমাংসা কৰাৰ বাট কেতিয়াও বন্ধ নহয়। যুদ্ধ অবাঞ্চিত, ই উভয় পক্ষৰ ক্ষতি কৰে। তাৰ বিপৰীতে সন্ধি সদায় আদৰণীয়, কাৰণ ই ধন-জনৰ হানি ৰোধ কৰে।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)