কল্পনাৰ দুনিয়াত
দিহিঙে-দিপাঙে,
টিঘিল-ঘিলাই ঘুৰি ফুৰিছোঁ
স্বপ্ন মধুৰ আনন্দত আত্মহাৰা হৈছোঁ।
দৰাচলতে মই,
সপোন দেখোঁ লাখ টকীয়া
কাম কৰোঁ এক টকীয়া।
আঁহৰি নাই জীৱনত
অতিবাহিত কৰোঁ সপোনত
খাবলৈ, পিন্ধিবলৈ
সময় নাপাওঁ......
কিয়নো মই যে; মধ্যবিত্তৰ সন্তান।
ইচ্ছা-আকাংক্ষাৰ আলি-দোমোজা
ভেদা-ভেদ পৰিহাৰ কৰি,
উপনীত হ'বলৈ বহু দিন আছে।
সফলতাৰ দুৱাৰ-দলি
ক'ত নো পাম,
জীৱনত হাতে হাত ধৰি আগবঢ়াই নিবলৈ
ভুলবোৰ আঙুলিয়াই দিবলৈ,
সাহসৰ এখনি হাত
অপৰিপূর্ণ অৱস্থাত
জীৱন হয় যেন; মোৰ মৰিশালি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ