হৃদয়ত হিল্লোল তোলা
অনুভূতিৰ শাব্দিক ৰূপটোৱে
হৈছে কবিতা ।
য'ত প্ৰেম আছে তাতেই
কবিতা আছে,
য'ত জীৱন আছে তাতো
কবিতা আছে ,
দেশপ্ৰেমতো কবিতা আছে,
ক্ষোভতো যেন কবিতাই বাস
কৰে ।
ক'ত নাই কবিতা !
মৰতৰ প্ৰান্তে প্ৰান্তে ....
সিঁচৰিত হৈ আছে কবিৰ
কাব্যিকতা ।
আশাৰ পাতত ....
নিতৌ নতুন ন ন অনুভৱে কুঁহি
মেলে,
ক'ব নোৱাৰা অনেক কথাই
কবিৰ কলমেৰে পাখি মেলি
উৰা মাৰে ।
অনুভৱৰ টোপোলাত
আৱেগৰ সুৰ ঢালি
কবিতাক তুমি জীয়াই তোলা
শব্দৰ অভিমান বোৰ সামৰি ।
কবিতা আৱহ হওক বুকুৱে
বুকুৱে
হৃদয়ত শিহৰিত অনুভৱবোৰ
উজ্বলি উঠিব
প্ৰতিটো দিনে ।।
✍️শিৱানী বৰুৱা
চেনিজান , যোৰহাট