যাত্ৰা পথত ,
মই থমকি ৰ'লো।
নিৰ্দিষ্ট মৰ্মস্পৰ্শী দৃশ্য এটাই,
মোক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল।
জীৰ্ণ শীৰ্ণ পঁজা ঘৰটোৰ
ভঙা খিৰিকীখনৰ পৰা,
ভিতৰলৈ দেখা পোৱা
বিছনা এখন..... ।
বিছনাখনত এজন মানুহ,
কেৱল হাড় কেইডাললৈ
ভিতৰলৈ সোমাই পৰা,
চকুহালেৰে
বাহিৰলৈ চাই আছে..... ।
চকুত হেজাৰ হাবিয়াস আৰু
এমুঠি অতৃপ্ত আশা বুকুত।
মই আগুৱাই গ'লো
তেওঁক মাতিলো.....!
কোন আছে ঘৰত?
তেওঁ ক'লে.....
আছে মোৰ পোণাকণ...!
তেওঁ আহিব, নিশ্চয় আহিব......!
তালৈ বাট চাই আছোঁ.....
মই আঁতৰি আহিলো....
ৰ'ব নোৱাৰিলোঁ,
ক'ব নোৱাৰাকৈ দুধাৰি চকুলো
বৈ আহিল মোৰ........!!!
✍️সীতা দেৱী, ( বিহপুৰীয়া) লখিমপুৰ