অবিনাশী সাহিত্যৰ
কুসুম কাননত ফুলা
তুমি জোনাকী ফুলৰ আশা
মায়াময় শৰতৰ নিৰাভৰণ
গাভৰু আকাশে দিব
প্ৰেৰণাৰ অযুত ভাষা ।
সুকোমল নিয়ৰৰ দলিচাত
নীৰবে সৰিব
এপাহি দুপাহি লাজুকী শেৱালী
স্নিগ্ধ জোনাকত উদ্ভাষি
উঠিবা তুমি
আমিও সাৰে তোমাক
লম বুটলি ।
নূপুৰ জুনুকা পিন্ধি
থুনুক থানাককৈ
প্ৰকাশিবা তোমাৰ প্ৰতিভা
প্ৰতিভাই যেতিয়া লভিব
প্ৰতিষ্ঠা
শ্ৰমৰ গৌৰব তেতিয়াই
বাঢ়িব আমাৰ ।
চৌপাশে বিয়পিব কাননৰ
সৌৰভ
সকলোৱে গাব গুণ গান
দুপাতেই চিন তাৰ বাঢ়িব
যে মূলা
তাৰো আমি পাইছোঁ প্ৰমাণ ।
হিমালয়ৰ শিখৰত আছিলা
ৰৈ
একেনামে তুমি গঙ্গা
মৰতলৈ আহিলা হিয়ামন
জুৰালা
অতিকে আপোন হৈ
আমাৰ অলকানন্দা ।।
ৰাণী কাহিকুছি