কূটবুদ্ধি নহয় পুত্ৰীস্নেহৰ এক আদৰ্শ
সন্ধি মাথোঁ জীৱনৰ
অনুৰাগৰ নিদৰ্শন ইতিহাসত খোদিত হোৱা
দেবব্ৰত ভীস্ম হ’ল বিধিৰ বিধান
নহয় অভিসন্ধি মাথোঁ
সত্যৱতী মন মলিয়ন
ওৰে জীৱনৰ বাবে দুধাৰি চকুলো হ'ল
শোকৰ জুই একুৰা জ্বলি ৰ’ল চিৰকাল
নহলে হয়তো কুৰুক্ষেত্ৰৰ যুঁজখন যুঁজ নহলহেঁতেন
জয়দ্ৰথৰ কটা মূৰটোৰ বিস্মৰণত
নিজ পিতৃৰ মৃত্যু নহলহেঁতেন ।