বিভীষিকা- বিশ্বজিৎ সূত

©Admin
0
চাৰিওফালে হাহাকাৰ
গুলি-বাৰুদৰ শব্দ, 
জুইৰ লেলিহান শিখাই
আৱৰি ধৰিছে । 
সিহঁতে কেতিয়াও নুবুজে , 
দয়া নাই , মমতা নাই , 
ক'লা ধোৱাই ছানি ধৰিছে
বহুতে আঘাট পাইছে
বহুতৰ মৃত্যু হৈছে , 
তথাপিও সিহঁতে নুবুজে
জীৱনৰ অৰ্থ । 
নুবুজে সিহঁতে ফাগুনৰ উন্মাদনা , 
নুবুজে আবিৰৰ ৰং , 
চাৰিওফালে কেৱল যুদ্ধৰ বিভীষিকা । 
কঠিন শিলৰ দৰে
হৃদয়ৰ দুৱাৰখন
কেতিয়া খোল খাব ? 
সময়ে সকলো কাঢ়ি নিলে
ভাঙি গ'ল ভৱিষ্যতৰ সপোনবোৰ , 
বন্দীত্ব জীৱনৰ কথা ভাবি
বিষাদৰ মৌনতাই বাট চাই ৰয়
সেই হেৰুৱা দিনৰ সুবাস বিচাৰি ।।

✍️ বিশ্বজিৎ সূত
 বালিজান, চতিয়া, বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)