কুইন অফ কাট'ৱে - প্ৰথম খণ্ড

Rinku Rajowar
0
( সকলোকে উদ্বুদ্ধ কৰিব পৰা এজনী দৰিদ্ৰ কিশোৰীৰ আত্ম কাহিনী )

"বালিকা  অহম্ বালিকা নৱ যুগ জনিতা অহম্ বালিকা। 
নাহম্বলা দূৰ্বলা আদিশক্তি অহমম্বিকা।।"

মই এজনী বালিকা, আধুনিক যুগৰ বালিকা। মই অবলা তথা দূৰ্বলা নহয়। ময়েই আদিশক্তি, ময়েই অম্বিকা। 
কৃষ্ণ দ্বৈপায়ণ বেদ ব্যাসে ভবিষ্য পুৰাণত উল্লিখিত কৰা এই শ্লোকৰ যুক্তিত মহাজ্ঞানী চানক্যই নাৰীশক্তিক দেশৰ অন্যতম ৰত্ন বুলি কৈছিল ।  চানক্যৰ মতে সচৰাচৰ নাৰীসকলক  দূৰ্বল তথা লাজকুৰীয়া বুলি ভবা হয় যদিও   প্ৰয়োজনীয় সময়ত পুৰুষতকৈ নাৰী চাৰিগুণ বেছি লজ্জাহীন হ'ব পাৰে । আপেক্ষিক ভাবে পুৰুষতকৈ নাৰীৰ সাহস ছয় গুন  আৰু ধৈৰ্য্য আঠ গুন বেছি হয় । 
আজি কিছুদিনৰ আগতে আফ্ৰিকা মহাদেশৰ এসময়ৰ নৰখাদক বুলি খ্যাত ৰাষ্ট্ৰপতি ইদি আমিনৰ দেশ উগাণ্ডাৰ তেনে এজনী সাহসী আৰু দৃঢ়মনা কিশোৰী ফিয়োনা মুটেছিৰ জীৱন-গাঁথাৰ ওপৰত নিৰ্মিত কুইন অফ কেট'ৱে' নামৰ এখন কথাছবি উপভোগ কৰিছিলো। গ্ৰেমী বঁটাৰ লগতে আৰু  পোন্ধৰটা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা লাভ কৰা এই কথাছবি খন চাই মধ্য যুগতে মহাজ্ঞানী চানক্যই নাৰীশক্তিৰ বিষয়ে উল্লেখ কৰা কথাখিনি মই এশ শতাংশই সত্য বুলি উপলব্ধি কৰিছিলো। সাম্প্ৰতিক মাৰ্কিন যুক্তৰাষ্ট্ৰত বসতি কৰা ভাৰতীয় মুলৰ প্ৰথিতযশা বোলছবি নিৰ্দেশক মীৰা নায়াৰে প্ৰস্তুত কৰা তথা উগাণ্ডাৰ প্ৰখ্যাত অভিনেতা ডেভিদ ওয়েলৱো, কিশোৰী অভিনেত্ৰী মাডিনা নালাৱাংগা আৰু অভিনেত্ৰী লুপিতা নীয়ংগোৱে বলিষ্ঠ অভিনয় কৰা এই কথাছবিখনে মোৰ হৃদয়ত  এক সুগভীৰ আচ বহুৱাইছিল । বিশেষ কৈ ১২৪মিনিট সময়ৰ দৈৰ্ঘ্যৰ এই কথাছবি খনত ফিয়োনাৰ মুখ্য চৰিত্ৰত অভিনয় কৰা মাডিনা আৰু ডবা খেলৰ প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেৰ চৰিত্রত  অভিনয় কৰা ডেভিডৰ  হৃদয়স্পৰ্শী অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিছিল ।
         বিশ্ব নাৰী দিৱস উপলক্ষে জীয়ৰী শ্ৰেয়াংশীৰ সৈতে উপভোগ কৰা এই ছবিখনৰ মুখ্য চৰিত্ৰ পূব আফ্ৰিকাৰ দৰিদ্ৰ দেশ উগাণ্ডাৰ কিশোৰী ফিয়োনা মুটেছিৰ সকলোকে উদ্বুদ্ধ কৰিব পৰা জীৱন-গাঁথাৰ বিষয়ে কিছু কথা আজি আপোনালোকক অৱগত কৰাব বিচাৰিম।
   উগাণ্ডাৰ ৰাজধানী কাম্পালাৰ  দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সমুহে বসবাস কৰা  কাট'ৱে নামৰ অপৰাধ প্ৰৱণ নিষিদ্ধ বস্তি এলেকাত হেৰিয়েট মুটেছি নামৰ এগৰাকী বিধবা মানুহে নিজৰ চাৰিটা শিশুৰ সতে এটা ভঙাচিঙা জুপুৰিত জীৱন যাপন কৰিছিল। ২০০৫ চনত এইডছ ৰোগত আক্ৰান্ত হৈ স্বামী আৰু ডাঙৰ জীয়ৰী জুলিয়েটৰ অকাল মৃত্যুৰ পাছত দুজনী কন্যা নাইট আৰু ফিয়োনাৰ লগতে  এমাডিমা ল'ৰা ব্ৰায়ান আৰু ৰিছাৰ্ডক বুকুত বান্ধি হেৰিয়েটে অতি কষ্টৰে পৰিয়ালটোক পোহপাল দিছিল । আৰ্থিক সংকটত বিধস্ত হৈ পৰা পৰিয়ালটোৰ এবেলা খালে আনবেলালৈ খাবলৈ নুজুৰিছিল ।মুঠৰ ওপৰত স্বামীৰ আকাল মৃত্যুৰ পাছত হেৰিয়েটৰ মুৰত আকাশী স্বৰগ ভাঙি পৰিছিল। তথাপিও হেৰিয়েটে যেন নিয়তিৰ ওচৰত হাৰ মানিব বিচৰা নাছিল। দৃঢ় মনা আৰু পৰিশ্ৰমী  হেৰিয়েটে পৰিয়ালটোৰ পোহপালৰ বাবে নিতৌ পুৱা দোকমোকালিতে এমডিমা ল'ৰা কেইটাক নাইট আৰু ফিয়োনাৰ হাতত গটাই দহ কিলোমিটাৰ মান দূৰৰ এখন  গাঁৱলৈ খোজকাঢ়ি গৈছিল ।  গাঁওখনৰ পৰা বেঙেনা, মাকৈ, ৰঙালাও আৰু আলু আদি পাছলি সংগ্ৰহ কৰি আনি তেওঁ  কাম্পালাৰ বজাৰত বেপাৰ কৰিছিল । ষোড়শী নাইট আছিল চঞ্চল স্বভাৱৰ। মাক নথকাৰ সুযোগ লৈ তাইতকৈ বয়সত যঠেষ্ট সৰু ফিয়োনাৰ হাতত ব্ৰায়ান আৰু ৰিছাৰ্ডক গটাই নিজৰ প্ৰেমিকৰ সতে দিনটো পিতপিতাই ঘুৰি ফুৰিছিল । কেতিয়াবা মাকে নাইটক তাকে লৈ গালি শপনি পাৰিলে তাই কেবাদিনলৈ ঘৰলৈ উভতি নাহিছিল । এফালে জুৰুলা হৈ পৰা আৰ্থিক অৱস্থা আৰু আনফালে ঘৰুৱা অশান্তিৰ বাবে ফিয়োনা আৰু ব্ৰায়ানে স্কুলৰ মুখেই দেখা নাছিল। লাহে লাহে ফিয়োনা আৰু ব্ৰায়ান ডাঙৰ হৈ মাকক কাম্পালাৰ বজাৰত পাছলি আৰু মাকৈ বিক্রী কৰা কামত সহায় কৰিব লৈছিল । 
     সেয়া ২০০৭চন মানৰ কথা হ'ব । ফিয়োনাৰ বয়স তেতিয়া ন'বছৰ আৰু ব্ৰায়ান সাত বছৰৰ ওচৰা ওচৰি  হ'ব। তাই কেইবাদিনৰ পৰা  লক্ষ্য কৰিছিল যে নিতৌ পুৱা একে সময়তে ভায়েক ব্ৰায়ান বজাৰৰ পৰা অন্তৰ্ধান হৈ পৰিছিল । কৌতুহল দমাই ৰাখিব নোৱাৰি ব্ৰায়ান দৰাচলতে ক'লৈ যায় কি কৰে তাৰে সন্ধান ল'বলৈ এদিন ফিয়োনাই তাক অনুসৰণ কৰিছিল।  সেই মুহুত্বৰ বাবেই চাগে বিধাতাই অপেক্ষা কৰি আছিল আৰু লিখি দিছিল ফিয়নাৰ কপালত সোণালী ভৱিষ্যতৰ ভাগ্য লিপি । যাৰ বলত কাম্পালাৰ অপৰাধপ্ৰৱণ আৰু নিষিদ্ধ বস্তি এলেকা  কাট'ৱেত বসবাস কৰা ফিয়োনা এজনী দৰিদ্ৰগ্ৰস্তা কিশোৰীৰ পৰা কাট'ৱেৰ মহাৰাণীৰ খিতাপ লাভ কৰিব সমৰ্থ হৈছিল । পাছে ফিয়োনাৰ এই জয়যাত্ৰা ইমান সুচল নাছিল । বহু ঘাত প্ৰতিঘাতৰ মাজেৰে নিজৰ  দৃঢ আত্ম বিশ্বাস আৰু প্ৰাপ্তিৰ সংকল্পৰ জৰিয়তে ফিয়োনাই জীৱনত আত্ম প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।
ব্ৰায়ানক অনুসৰণ কৰি সেইদিনাখন তাই উপস্থিত হৈছিল খ্ৰীষ্টান মিছনেৰীৰ এখন ক্রীড়া বিকাশ প্ৰতিষ্ঠানত।  প্ৰতিষ্ঠানটোৰ  মিছনেৰী প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই লেটেৰা পেটেৰা পোছাক পৰিহিতা ফিয়োনাক আথে বেথে খেলা ধূলাৰ আখৰা চলি থকা কোঠাটোলৈ লৈ গৈছিল।  ফিয়োনাৰ গাৰ পৰা ওলাই থকা ভেকেটা ভেকেট গোন্ধত কোঠাটোৰ কেইটামান লৰা-ছোৱালীৱে ফৰিঙ চিটিকাও দিছিল। আন কেইটামানকে আকৌ তাইক বজাৰৰ জাৱৰ খোৱা গাহৰি বুলি তাচ্ছিল্য কৰিছিল । তাইৰ উপস্থিতিত ভায়েক ব্ৰায়ানেও ইতঃস্তত বোধ কৰিছিল।  কিন্ত ফিয়োনাই মুখত যৎকিঞ্চিতো ভাৱালেখ প্ৰকাশ কৰা নাছিল।   সুযোগ পালেই ব্ৰায়ানে কিহৰ তাড়নাত গোপেনে ইয়ালৈ আহে তাৰেই সন্ধানত কোঠাটোৰ চালে বেৰে ফিয়োনাৰ মনটো পিতপিতাই ঘুৰি ফুৰিছিল । তাৰ মাজতে এটা অলপ উদণ্ড স্বভাৱৰ ল'ৰাই আকৌ আক্রমণ কৰিব ওলোৱাট তাই তাক ওলোটাই ধৰিছিল । সেইদিনাখন প্ৰথম দৰ্শনতে ক্ৰীড়া প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই ফিয়োনাৰ মাজত অন্তৰ্নিহিত হৈ থকা নিৰ্ভিক ব্যক্তিত্ব আৰু আত্মাভিমানৰ সম্ভেদ পাইছিল । ল'ৰা -ছোৱালী বোৰক নিজৰ নিজৰ আখৰাত ব্যস্ত কৰাই প্ৰশিক্ষক কাটেন্ডেই ফিয়োনাক প্ৰথমতে এগিলাচ গাখীৰ খাবলৈ দি তাত কাটৱেৰ ল'ৰা ছোৱালীবোৰক ডবা খেলৰ প্ৰশিক্ষণ দিয়া হয় বুলি জনাইছিল  । তাই যদি ইচ্ছা কৰে তায়ো খেলিব পাৰিব বুলিও কৈছিল। 

⚫চুমিন্দ্ৰ চৌধুৰী
     নতুন দিল্লী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)