সহজ নাইবা কঠিন
জীৱনৰ ৰং মাথোঁ
এটি মিচিকিয়া হাঁহি ,
তোমাৰ হৃদয়ত বাজে যদি জয়ধ্বনি
মানৱতাৰ
হৈ পৰিব পৰা এক মহান মনিষী ।
আছে আৰু নাই
হাবিয়াস হয়
এমুঠি যদি দিব পৰা যায় অন্ন
ভোকত থকা শিশুটিক ,
যদি এখন কম্বলত সুখবোৰ লিখি ৰাখো
এটা পৰিয়ালৰ ,
যদি তোমাৰ মনত
তাই বা তেওঁক জ্ঞান - জ্যোতি দিয়াৰ অপূৰ্বতা পুহি ,
তুমি হৈ পৰা
সূৰুজমুখী আশাৰ ৰেঙণি হাজাৰজনৰ
অলেখ - অযুত আশীৰ্বাদত
পোহৰৰ সূৰ্যবেলি এপাহি ।