কামনা | আঞ্জুমা বেগম( ববি)

Rinku Rajowar
0
ভাল পাওঁ কাৰোবাৰ শোকশূন্য হাঁহি চাবলৈ,
অপেক্ষাত থাকোঁ কাৰোবাৰ সুখৰ
বতৰা লৈ।
অন্তৰৰ আশাক ৰাখিব 
নোৱাৰিব ধৰি,
কোনো শক্তিয়েই!
মনৰ কামনা কাৰোবাৰ উন্নতি লৈ।

ঐশ্বৰিক শক্তিৰে সতেজ মন,
কেতিয়াও দূৰ্বল নহ'ব জীৱন,
আগুৱাই থাকিম কৰি সকলো সমস্যাৰ সমাধান,
য'তেই নাথাকো কিয়?
সদায় আপোনজনৰ ভাৱনাতে ব্যাকুল মন,
সপোনে দিঠকে আপোনজনে দিয়ে সপোন।

আপোনজনৰ অবিহনে পাৰ নহয় প্ৰতিটো পল,
স্মৃতি হিচাপে মজুত সমল,
আপোনৰ বাবে প্ৰতি পল উত্ৰাৱল,
স্মৃতিয়ে নোহোৱা কৰি দিয়ে 
নয়নৰ জল।
সদায় স্মৰণ কৰিয়েই থাকিম আপোনজনৰ মধুৰ মন,
আপোনজনৰ প্ৰতিচ্ছবি য়ে চুই যায় 
মোৰ কোমল হৃদয়খন।।
     
      
        ✍🏻আঞ্জুমা বেগম( ববি)
             ধুবুৰী(ৰৌমাৰী)অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)