নাৰী-ৰুনু দেবী শৰ্মা

©Admin
0
মইয়েই হওঁ নাৰী সর্বত্র পুজিতা।
মইয়েই হওঁ জন্মদাত্ৰী  
মইয়েই হওঁ ৰক্ষিতা। 
মইয়েই হওঁ আয়া,
মইয়েই হওঁ পতিতা। 
মইয়েই হওঁ অর্ধাঙ্গিনী পতিদেৱৰ,
পুৰুষতান্ত্ৰিকতাৰ বিভৎসতাত
হওঁ মই পন্যসামগ্রী। 
যুগে যুগে নগ্ন হয় নাৰীত্ব, 
যৌতুকৰ বলিত,পার্থিব চর্তত
  কৰা হয় সোঁশৰীৰে দহন।
ষোড়শী নাৰীৰ বৈধব্যত
গুজি দিয়া হয় শুকুলা বস্ত্র
হওঁ  মই পঞ্চপাণ্ডৱৰ লাঞ্চিতা
  পাঞ্চালী, 
কেশত ধৰি চোচোৰাই আনিছিল ৰাজসভালৈ,
সপ্তৰথী,মহাৰথী কুলগুৰু দ্রোনাচার্য্য সহ পিতামহ ভীস্ম
সবাৰো সন্মুখত নিতাল মাৰি
আছিল পঞ্চপতিসহ 
মোৰ উলঙ্গ দেহৰ বস্ত্রহৰণ 
ধর্মৰাজ যুধিষ্ঠিৰৰ ধর্মধ্বজা
অর্জুনৰ গাণ্ডীবৰ বিক্রম
অবলা নাৰীৰ লাঞ্চনাৰ দৃষ্টি 
পুৰুষত্বহীনতাৰ দৰে
দেখিছিলনে সিদিনা বঞ্চিতা
ঊর্মিলাৰ চকুলোৰ লোটক 
যিদিনা মাটিত ছিটিকি পৰিছিল অশ্রুবন্যা?
দেখিছিলনে চাবুকৰ কোবত 
ৰক্তাক্ত হোৱা জেৰেঙাৰ জয়াৰ সুকোমল শৰীৰ তেজেৰে ৰাঙলী  হোৱা 
সেই ত্যাগৰ নিদৰ্শন? 
মইয়েই হওঁ তেজীমলা 
মাহীআইৰ ঢেকীৰ চাবত 
ফুল হৈ ফুলা!! 
কোনোৱে কয় নাৰী অৱলা
দুর্বলা, কোনোৱে কয় নাৰী
অর্ধ-আকাশ, নাৰী শক্তিৰূপা। 
তথাপিও কিয় দেখো যুগে যুগে নাৰী হয় ধৰ্ষিতা, 
নাৰী হয় পৰপুৰুষৰ পদদলিতা!
ইতিহাসৰ পাতে পাতে কিয়
আজি নাৰী লাঞ্চিতা,ধর্ষিতা?
অবোধ কিশোৰীও ধৰ্ষিতা হয়
কামুকহঁতৰ,পিশাচহঁতৰ
ফুটপাথতে, ফুটগধূলীতে
নৱজাতকৰ শেষক্রিয়া হয়
চিকাৰীহঁতৰ ডাষ্টবিন অথবা
নলা-নর্দমাৰ জাবৰৰ দ'মত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)