কুইন অফ কাট'ৱে - দ্বিতীয় খণ্ড

( সকলোকে উদ্বুদ্ধ কৰিব পৰা এজনী দৰিদ্ৰ কিশোৰীৰ আত্ম কাহিনী )

প্ৰায় আঠ খ্ৰীষ্টাব্দ মানতে ভাৰতত এখন যুদ্ধৰ আধাৰত খেলিবলৈ আৰম্ভ কৰা চতুৰঙ্গা ( সংস্কৃতি শব্দ) নামৰ  মনোৰঞ্জনৰ খেলা বিধ পোন্ধৰ শতিকা মানত ইউৰোপৰ দেশ সমূহৰ মাজত জনপ্ৰিয় হৈ পৰিছিল । পাছত উপনিবেশবাদৰ আগ্ৰাসনৰ কবলত পৰি ভাৰতৰ এই পৰম্পৰাগত খেল বিধ বৃটিছ সকলে চেচবৰ্ড নামেৰে নামকৰণ কৰিছিল । এই খেলখন দৰাচলতে বগা আৰু ক'লা বৰণৰ দুদল সৈন্যৰ মাজত খেলা হয় । দলৰ প্ৰথম শাৰীত আঠজন সৈন্য আৰু শেষৰ শাৰীত দুজন নৌকাৰোহী , দুজন অশ্বাৰোহী , গজাৰোহী আৰু মাজত ৰজা-ৰাণী ।  এই খেলখনৰ উদ্দেশ্য মাথোন এটাই সেইটো হৈছে যিকোনো উপায়েৰে প্ৰতিপক্ষৰ সৈনিকক বন্দী কৰা । এই খেলত ৰাণী ( ভাৰতীয় খেল মতে মন্ত্ৰী ) সকলোতকৈ পৰাক্ৰমী যুঁজাৰু বুলি ধৰা হয় । যদিও খেলখনৰ সকলো যোদ্ধাই নিয়মমাফিক চালচলন কৰে ৰাণীয়ে আকৌ যিকোনো দিশত চালচলন কৰিব পাৰে । ৰাণীয়ে কিমান খোজ আগুৱাব বা পিছুৱাব তাৰো লেখ-জোখ নাই। প্ৰশিক্ষক কাটেন্ডেৰ পৰা ফিয়োনাই আঁতিগুৰি মাৰি বুজি লোৱাৰ পাছত ডবা খেল খেলিবলৈ আগ্ৰহী হৈ পৰিছিল । সেইয়াই যেন আছিল ফিয়োনা মুটেছি আৰু প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেৰ মাজৰ গুৰু-শিষ্যাৰ মণিকাঞ্চন সংযোগৰ আৰম্ভণি । যাৰ বাবে উগাণ্ডাৰ ক্ৰীড়াজগতৰ ইতিহাসত পাছলৈ এক নতুন অধ্যায়ৰ সূচনা হৈছিল ।
পিছদিনাখন ফিয়োনাই পুৱাতেই উঠি গা-মূৰ ধুই সাজপোছাক পৰিপাটি কৈ পিন্ধি ব্ৰায়ানৰ সতে বজাৰত মাকক সহায় কৰি দিবলৈ ওলাই গৈছিল । পাছে সেইদিনাখন বজাৰত কিছু সময় থাকিয়েই দুয়োটাই সুযোগ বুজি এটা সময়ত মাকৰ চকুত ধূলি দি ক্ৰীড়া প্ৰকল্পটোত উপস্থিত হৈছিল। 
সুদক্ষ ডবা খেলৰ খেলুৱৈ হ'বলৈ সবল ব্যক্তিত্বৰ আৰু পৰিশ্ৰমী মানুহ এজনৰ এটা যুঁজাৰু মনৰ লগতে উচ্চাকাঙ্ক্ষা , আত্মবিশ্বাস , ধৈৰ্য্য থকাৰ অতি দৰকাৰ ।  
প্ৰথম দিনাই প্ৰশিক্ষক কাটেন্ডেই এই আটাইবোৰ গুণ কম-বেছি পৰিমাণে ফিয়োনাৰ মাজত দেখিবলৈ পাইছিল। সেইবাবে ফিয়োনাক ডবা খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰশিক্ষক কাটেন্ডেই কৈছিল ডবা খেল এখন মনস্তাত্ত্বিক খেল । এই খেলখনৰ জৰিয়তে খেলুৱৈ এজনৰ বিভিন্ন লাভালাভ হয় । মূখ্যতঃ মগজুৰ শ্ৰীবৃদ্ধি ঘটোৱাৰ লগতে মগজুৰ অব্যৱহৃত অংশসমূহ সক্রিয় কৰি তোলা , স্মৃতিশক্তি তথা প্ৰত্যুৎপন্নমতিতা বৃদ্ধি কৰা , মনৰ উদ্যমিতা আৰু সৃষ্টিশীলতা বঢ়োৱাৰ লগতে দূৰদৰ্শিতাৰ সক্ষমতাও বৃদ্ধি কৰে।  তাতোকৈও ডাঙৰ কথাটো হ'ল এই খেলৰ প্ৰতিযোগিতাত জিকি যথেষ্ট ধনো উপাৰ্জন কৰিব পৰা যায় । গতিকে এবাৰ যদি তাই কেনেবাকৈ বিশ্ব চেম্পিয়নশ্বিপ খিতাপ লাভ কৰিব পাৰে তেন্তে তাই বহুত টকা উপাৰ্জন কৰিব পাৰিব। ইচ্ছা কৰিলে তাই নিজৰ অধ্যৱসায়ৰ বলত সহজে সকলো অসাধ্য সাধন কৰিব পাৰিব। প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেৰ কথাখিনি এপাট অমোঘ বানৰ দৰে ফিয়োনাৰ হৃদয় চুই গৈছিল। সেই অসাধ্য সাধনৰ বাবে নিজৰ সমস্ত শক্তি আৰু সামৰ্থ্যৰে পৰিশ্ৰম কৰাৰ বাবে মনতে দৃঢ় সংকল্প লৈছিল । সেই দিনাখনৰ পাছত ফিয়োনা আৰু ব্ৰায়ানেও সুযোগ বুজি মাকৰ চকুত ধুলি দি নিতৌ ক্রীড়া বিকাশ প্ৰতিষ্ঠানটোলৈ আহিছিল ।
ব্ৰায়ান আৰু ফিয়োনাই নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত অতি কম সময়ৰ ভিতৰত ডবা খেলৰ কৌশলসমূহ নিজৰ আয়ত্বত আনিবলৈ সক্ষম হৈছিল।
ডবা খেলত এজন সৈন্য যদি যিকোনো উপায়ে প্ৰতিপক্ষৰ অন্তিম শাৰীত উপস্থিত হ'বগৈ পাৰে তেতিয়া সেই সাধাৰণ সৈন্যটো ৰাণীৰ দৰে সমপৰ্য্যায়ৰ হৈ পৰে । শক্তিশালী হৈ পৰা সেই বিশেষ সৈন্যটো ৰাণীৰ দৰে যিকোনো দিশত যিকোনো খোজত আগুৱাই  বা পিছুৱাই যাব পাৰে । ডবা খেলৰ এই পৰিঘটনাটোকে কুইনিং বুলি কোৱা হয় । ডবা খেলত ৰাণীৰ ভূমিকাটো ফিয়োনাৰ বাবে আটাইতকৈ আকৰ্ষণীয় আছিল । সেই বাবে ডবা খেলৰ আটাইতকৈ কঠিন এই কুইনিং পৰিঘটনা সংঘটিত কৰাত ফিয়োনা সিদ্ধহস্ত হৈ পৰিছিল । ফিয়োনাৰ লগতে প্ৰকল্পটোৰ আনবোৰ শিশুও ডবা খেলত কৌশলী হৈ উঠাৰ বাবে প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই ২০০৮ চনত বুডুত অনুস্থিত হ'ব লগীয়া উগাণ্ডাৰ চেচ ফেডাৰেচনৰ আন্তঃ বিদ্যালয় চেচ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ হাবিয়াস কৰিছিল । পাছে উগাণ্ডাৰ খেল প্ৰশাসনিক বিষয়া কাট'ৱেৰ বস্তি এলেকাৰ দৰিদ্ৰ ল'ৰা-ছোৱালীৱে বুডুৰ কিংচ কলেজৰ দৰে আঢ্যৱন্ত ঘৰৰ ল'ৰা-ছোৱালীয়ে পঢ়া এখন আগশাৰীৰ বিদ্যালয়ত আহি ডবা খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি জনাই দিছিল।তৰোপৰি তেওঁ জনাই দিছিল যে বস্তি এলেকাৰ পৰা,অহা ল'ৰা ছোৱালীবোৰৰ গাত বেমাৰো লাগি আহিব পাৰে । বিষয়া জনৰ কথাখিনিয়ে  প্ৰশিক্ষক কাটেন্ডেৰ মনত বৰ দুখ দিছিল । কিন্ত সহজে হাৰ মানিব নোৱাৰা কাটেন্ডেই প্ৰশাসনিক বিষয়াজনক গড়মুৰি চাৰি হাজাৰ চিলিং কৈ মাচুল আদায় দি টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ সৈমান কৰিছিল ।  
বহু বছৰ আগতেই ডাক্তৰে ফুটবল খেলিবলৈ বাধা কৰা স্বত্ত্বেও প্ৰকল্পটোৰ ল'ৰা-ছোৱালীবোৰৰ ভবিষ্যতৰ কথা ভাবি ৰবাৰ্ট কাটেন্ডেই ফুটবল খেল খেলি সিহঁতৰ বাবে মাচুল জমা কৰিছিল । 
পাছে প্ৰতিযোগিতালৈ মাজতে আৰু কেইটামান দিন বাকী থাকোঁতেই এটা অথন্তৰ ঘটিছিল । 
  বজাৰখনৰ এজনী পোহাৰীয়ে ফিয়োনা আৰু ব্ৰায়ানে নিতৌ মাকৰ চকুত ধুলি দি বস্তিটোৰ এচুকত থকা ক্রীড়া প্ৰকল্পটোলৈ জুৱা খেলিবলৈ যায় বুলি মিছাকৈয়ে লগাই দিছিল ।  সেই প্ৰকল্পটোলৈ ল'ৰা-ছোৱালী যোৱাটো সমূলি বিপদাপন্ন নহয় বুলিও সোঁৱৰাই দিছিল । মাতৃৰ হৃদয় সদায়েই অনন্য।  দাৰিদ্ৰ্যতাৰ বাবে দুবেলা দুসাঁজ ভালদৰে নিজৰ সন্তানক খুৱাব পিন্ধাব নোৱাৰিব পাৰে । কিন্তু  আগন্তুক বিপদৰ পৰা ৰক্ষা কৰিবলৈ এজনী মাকে নিজৰ সন্তানৰ বাবে যিকোনো পদক্ষেপ ল'ব পাৰে ।দৰিদ্ৰগ্ৰস্তা হেৰিয়েটেও এক মুহূৰ্ত্ত পলম নকৰি ক্ৰীড়া প্ৰকল্পটোত উপস্থিত হৈ  প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেৰ কোনো কথাই শুনিব ইচ্ছা নকৰি ফিয়োনা আৰু ব্ৰায়ানক দাবি ধমকি দি ঘৰলৈ উভতাই লৈ আহিছিল । ল'ৰা-ছোৱালী দুয়োটাইও সেই দিনাখন সেমেনা-সেমেনি কৈ ভগ্ন হৃদয়লৈ ঘৰলৈ উভতি আহিছিল । ক্ৰীড়া প্ৰকল্পটোলৈ নাযাবলৈ মাকৰ পৰা কাঢ়া নিৰ্দেশ পোৱাৰ পাছত ফিয়োনাৰ দৰিদ্ৰতাৰ বান্ধোনৰপৰা মুক্ত হোৱাৰ সপোন চূড়মাৰ হৈ গৈছিল। ৰবাৰ্ট কাটেন্ডেৰ প্ৰশিক্ষণ আৰু মৰমৰ পৰা বঞ্চিত হৈ দুয়োটা বায়েক ভায়েকৰ ঘৰত মনেই বহা নাছিল । কাটেন্ডেই ল'ৰা-ছোৱালী সকলোকে  সম্বোধন কৰি মতা অগ্ৰদূত (Pioneer) শব্দটো শুনিবলৈ দুয়োটা অধীৰ হৈ পৰিছিল । মনৰ ইচ্ছা বাধা দিব নোৱাৰি সিহঁত দুয়োটাই ঘৰৰ মজিয়াতে চেচবৰ্ড আঁকি পুৰণি বটলৰ সাফৰকে ৰজা , ৰাণী আৰু সৈন্য সাজি ডবা খেলৰ আখৰা কৰিছিল। ৰাতি ম'ম জ্বলাই আখৰা কৰাৰ বাবে মাকৰ পৰাও ধমকি খাব লগীয়া হৈছিল । 
বিধাতাৰ ইচ্ছাক কোনেও বাধা দিব নোৱাৰে । ইপিনে ক্রীড়া প্ৰকল্পটোত প্ৰশিক্ষক কাটেন্ডেইয়ো মেধাসম্পন্ন ফিয়োনা আৰু ব্ৰায়ানৰ অনুপস্থিতি বাৰুকৈয়েই অনুভৱ কৰিছিল। ল'ৰা ছোৱালী দুটাৰ সাম্ভাব্য ভবিষ্যত যাতে কলিতেই মৰহি নাযায় তাৰ বাবে প্ৰশিক্ষক কাটেন্ডে দৃঢ় সংকল্প লৈ হেৰিয়েটৰ ওচৰ চাপিছিল।  চেচবৰ্ড যে দৰাচলতে ৰজা ৰাণীৰ সমন্বিতে যুঁজৰ আধাৰত খেলা খেল তাক বুজাই দিছিল। লগতে ফিয়োনা আৰু ব্ৰায়ান  দুয়োটাই পঢ়া-শুনা কৰিবলৈয়ো সুবিধা লাভ কৰিব বুলি কৈছিল ।  ডবা খেলৰ খেলুৱৈসকলৰ  সুদূৰপ্ৰসাৰী সাম্ভাব্য ভবিষ্যতৰ কথা বুজাইছিল । ফিয়োনাই বিশ্ব চেম্পিয়ন জিকিব পাৰিলে তেওঁলোকৰ দৰিদ্ৰতাৰো অৱসান ঘটিব বুলি ভাৰষা দিছিল । বহু সময়ৰ বুজনিৰ পাছত হেৰিয়েটে ফিয়োনা আৰু ব্ৰায়ানক সিহঁতৰ সোণালী ভবিষ্যতৰ কামনা কৰি ক্ৰীড়া প্ৰকল্পটোলৈ ঘূৰাই পঠিয়াবলৈ সন্মত হৈছিল । 
      যথা দিনত প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ড কাট'ৱেৰ দৰিদ্ৰ শিশু পায়োনিয়াৰ কেইটাক লৈ বুডুৰ কিংচ কলেজত উপস্থিত হৈছিল। দেশখনৰ আগশাৰীৰ স্কুল খনৰ মেধা আৰু বয়সত ডাঙৰ প্ৰতিদ্বন্দী সকলক দেখি ৰবাৰ্টৰ পায়োনিয়াৰ কেইটাৰ আত্ম বিশ্বাস ভাঙি পৰিছিল।  তেতিয়া প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই কৈছিল । এই ল'ৰা-ছোৱালীবোৰ মৰমত ডাঙৰ হোৱা । সিহঁতৰ অভাৱ আৰু সংঘাতৰ জ্ঞান কম ।  গতিকে পৰিশ্ৰমী পায়োনিয়াৰহঁতৰ আগত চুট বুট পিন্ধা সেই সকল খেলুৱৈ বেছি সময় টিকি থাকিব নোৱাৰিব বুলি উৎসাহ দিছিল। প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেৰ ভৱিষ্যতবাণী অনুসৰি ফিয়োনাই সেই দিনাখন চেম্পিয়নশ্বিপ লাভ কৰিবলৈ সক্ষম হৈছিল ।

-চুমিন্দ্ৰ চৌধুৰী,
  নতুন দিল্লী ।

Post a Comment

Previous Post Next Post