প্ৰেমৰ প্ৰতিচ্ছবি ,
ৰিণি ৰিণি কৈ
নাহৰে তগৰে গছে বনে সকলোতে
কুঁহিপাতৰ মিচিকনি ।
মিহি মিহি কৈ
ওজন বাঢ়িছে আমলৈ বাহৰ
তললৈ দো খাইছে ,
লাহে লাহে কৈ
বতাহত উৰিছে ধিনিকী ঢোলৰ মাত ।
গাঁৱৰ সিমূৰত জোৰকৈ ভাঁহিছে
ম'হৰ শিঙৰ পেঁপা
তিহিতি তিহিতি কৈ ,
বিহু বিহু লাগিছেনে তহঁতৰো সমনীয়া ?
নাইলগা বুলি নক'বি
মিছা মিছা কৈ ।