তুমি নাৰী-পল্লৱ ৰয়

©Admin
0
নাৰী এটি শব্দ নহয় 
ই এক প্ৰৱাহিত শক্তি, 
নাৰী প্ৰেমৰ প্ৰতিমূৰ্তি। 
ঈশ্বৰৰ অন্য ৰূপ 
নাৰীয়ে জাগ্রত আৱাহন মূৰ্তি। 
জগতৰ অপূর্ব মনোৰম সৃষ্টি
ঈশ্বৰৰ অন্য ৰুপ  মা তুমি। 
হে নাৰী.. তুমিয়ে  সৃষ্টি, তুমিয়ে মাতৃ
তুমিয়ে প্ৰকৃতি
নাৰী তুমিয়ে মোহময়ী। 
তোমাৰ আচলত মমতাৰ সুবাস
হাতত প্ৰেমৰ পৰশ, 
গভীৰতাত সমুদ্র,কোমলতাত ফুল 
সহনশীলতাত ধৰিত্ৰী তুমি। 
পিতৃ গৃহৰ দেৱী তুমি
স্বামীৰ ঘৰত লক্ষী, 
সন্তানৰ ঘৰত মাতৃ তুমি
তুমিয়ে বিশ্বৰ জগত জননী। 
গৃহবন্দী আজিৰ নাৰী
উঠিছা হিমালয় শিখৰত,
অৱলা অচলা নাৰী তুমি
ভ্ৰমিছা তলি সমুদ্রত। 
বিদ্যা-সাধনাত ব্ৰতী তুমি
গাৰ্গী,মৈত্রেয়ী, মীৰা
আকাশ মহাকাশ একাকাৰ কৰা
তুমি সুনীতা, কল্পনা।
সুৰীয়া জগতত সুৰ তোলা 
তুমিয়ে আশা, তুমিয়ে লতা। 
ক্ৰীড়াৰ পথাৰত প্ৰলয় তোলা
তুমি নাৰী হিমা, লাভলীনা, 
শান্তিৰ প্ৰতীক তুমি মাদাৰ টেৰেছা। 
স্বাধীনতাৰ অমৃত পান কৰা
তুমি কনকলতা, লক্ষ্মীবাঈ 
ইতিহাসৰ পাতত উজলা নক্ষত্র
তুমিয়ে মূলাগাভৰু, জয়মতী আই। 
ৰাজনীতিৰ পথাৰত চমক তোলা 
তুমি ইন্দিৰা,সৰোজিনী প্ৰতিভা
অসমৰ প্ৰথম স্নাতক তুমিয়ে
সুখলতা, সুধালতা। 
আই. এ. এছ., এন. পি. এছ.
তুমি পাৰুল, শুচিব্ৰতা। 
প্ৰতিবাদী নাৰী কণ্ঠস্বৰ তুমিয়ে মালালা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)