সময়ৰ সোঁতত মনুষ্য

©Admin
0
মানুহ , এই মানৱ বোলে জীৱশ্ৰেষ্ঠ ;
হয় আজি মই ভাৱিবলৈ বাধ্য ।
মনুষ্য জানো জীৱশ্ৰেষ্ঠ পাৰে হʼব ?
নাই দেখোন মানুহৰ বিবেক , সঁচা আনন্দ ।
কোনে কʼলে মানুহক জীৱশ্ৰেষ্ঠ বুলি ?
এই ভাৱনাই মানুহক খাইছে খুলি খুলি ।
নিজেই নিজক শ্ৰেষ্ঠ বুলি মানুহেইতো দিছে আখ্যা ;
পাপৰ পথেৰেই গতি কৰিছে মনুষ্যৰ এই জীৱন যাত্ৰা ।
সেউজী ধৰণী আজি সৱে কৰে শেষ ;
নাথাকিব চাগে ভৱিষ্যতৰ বাবে কোনো অৱশেষ ।
সেউজী গছবোৰে জানো কৰে অন্যায় ?
ভাৱে চাগে পৃথিৱীত আকৌ জনম নলওঁ দুনাই ।
মনুষ্যৰ বলি ; 
তাতে আকৌ মোৰ হাত খালি ।
পৰা হʼলে কৰিলোহেঁতেন মানৱক প্ৰতিবাদ ;
চিঞৰিলোহেঁতেন গৌৰৱেৰে 'সেউজী ধৰণী জিন্দাবাদ' ।
কিন্তু আজি মই হʼলো বোবা ;
মানুহে যি কৰে আৰু মানি যা !
মূৰ পাতি লওঁ নিজৰ বিপদ ; 
কোনেওতো নিবিচাৰে নিজৰ আপদ ।
পৰাহʼলে কৰিলোহেঁতেন মানৱক কাকূতি ; 
কিদৰে বাৰু চকুৰ আগত বিপদ লওঁ মূৰ পাতি ?
মানিবতো লাগিবই ;
দুখ কৰিলেতো নহʼবই ।
বুজা হʼলে মানুহে আমাৰ অন্তৰৰ অৱস্থা ;
কি কৰিম ? 
উপায় নাই ।
নহয় সলনি মানুহৰ এই জীৱন প্ৰথা ।
বনৰ চৰাইও আজি বন্দী মনুষ্যৰ হাতত ; 
সিহঁতৰোতো মন , উৰিবলৈ মুকলি আকাশত ।
নিজ স্বপ্ন আকাশত ;
নিজ ভাৱনাৰ বিলাসত ।
কিন্তু মনুষ্যৰ হাতত আজি বন্দী সকলো ;
ক্ষুদ্ৰ মনটোৱে নামানেইচোন ,
এইবোৰ বাৰু কিদৰে সহো ?
অন্তৰত আছে সিহঁতৰ ফুলৰ দৰে সজীৱতা ;
সিহঁতেওতো বিচাৰে স্বাধীনতা ।
কি কৰিম ?
উপায় নাই ।
ভাৱিলে লাগে হায় হায় !
চলি আছে প্ৰকৃতিৰ নিয়ম এইদৰেই ;
আচৰিত লাগে মোৰ ভাৱিলে এইবোৰেই ।।


                      
✍️ কল্পনা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)