ৰণাঙ্গনত উন্মাদ নৃত্য

দুৰ্জেয় দুৰ্ভেদ্য অবাধ্য 
অভেদ্য অবাঞ্চিত ৰণক্ষেত্ৰ
নৃশংসতাৰ নিষ্ঠুৰ নিৰ্ব্বাক স্পন্দন
হৰ্ষ-উল্লাস অবোধ্য সাঁথৰ
অবাধ্য আগ্ৰাসনত স্তম্ভিত 
যুদ্ধৰ বিশাল কনভয়ে কৰে ক্ষোভিত
আগ্নেয় অস্ত্ৰৰ ক্ষিপ্ৰ প্ৰসাৰ
যাৰ ঔৰসত
ৰক্তাক্ত সংঘাত বিষাক্ত হৈ
তেজৰ ৰং ৰঙা হৈ বিয়পি পৰে
তেনে আসক্তত নষ্ট হয় মানৱতা !
যুদ্ধ ৰংচঙীয়া বাণিজ্য মেলা নহয় 
বাৰুদৰ গোন্ধে সুবাস নিবিলায়
ধ্বংসস্তুপৰ মাজত 
মৃত আত্মাৰ ক্ৰন্দন উপহাস হৈ ৰয় ।
নিচান উৰুৱাই বীৰত্ব দেখুৱালে
মানৱতাৰ সূত্ৰ আবিষ্কাৰ নহয় 
মাৰণাস্ত্ৰ হাতত লৈ মৰাশ খচকি 
কৰা নৃত্য উশৃংখল উলংগ 
এইয়া বিজয় তৃপ্তিৰ
অনাকাংক্ষিত অপচয় মানৱতাৰ  ।
কৃষ্ণ পক্ষত জোনাক বিলাবলৈ
জুই কোনেও নজ্বলাই
মৰাশ পুতিবলৈ চোতাল খন
অধিগ্ৰহণ এক বীৰত্বৰ স্বীকৃতি নহয়
উন্মাদ প্ৰৱণতা সাংস্কৃতিক নাটকৰ মাজত
বেদনা উপস্থাপন কেনেকৈ হ'ব ? 
যুদ্ধ ভগনীয়াৰ অনুভূতিৰ পথ বিপৰ্য্যয় 
অবৰ্ণনীয় যাত্ৰা পথৰ ভাগৰুৱা পথিক ।
কেঁ‌চুৱাই থেন-থেনালে 
মাতৃয়ে স্তন দুগ্ধ পান কৰাই ,
স্বদেশৰ অধিকাৰ থাকে মাতৃভূমিত
এইয়াই মানৱতাৰ স্বৰ্ণভূমি ।

Post a Comment

Previous Post Next Post